
নিউজ ডেস্ক:
"ধপাত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। ই বৰ্তমান আমাৰ সমাজৰ সকলো স্তৰতে শিপাই পৰিছে” বুলি মন্তব্য কৰে নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ।আজি বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত নৰ্থ- ইষ্ট কেন্সাৰ হস্পিতালৰ উদ্যোগত আৰু ঘগ্ৰাপাৰ হাইস্কুলৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ধপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে সজাগতা অনুষ্ঠিত কৰা হয়।সজাগতা সভাখনত নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত পুনৰ কয় যে এবাৰ ধপাতৰ ব্যৱহাৰ বা ধপাত সেৱনৰ অভ্যাসৰ প্ৰতি আসক্ত হোৱাৰ পিছত ইয়াৰ পৰা নিজকে আঁতৰাই অনাতো যথেষ্ট কঠিন হৈ পৰে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলে যাতে এই বদঅভ্যাস পৰিত্যাগ কৰি নিজৰ লগতে পৰিয়ালটো ৰক্ষা কৰে তাৰ ওপৰত মন্তব্য দিয়ে।অধ্যক্ষ গৰাকীয়ে কেন্সাৰ ৰোগীৰ কাৰণ আৰু ভয়ৱহতাৰ ওপৰতো বিতংকৈ বক্তব্য আগবঢ়াই আগন্তুক দিনত নলবাৰী মেডিকেল কলেজলৈ অহা এই ৰোগৰ ৰোগীক ছাত্ৰ-ছাত্ৰীসকলক নি দেখুৱাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
নৰ্থ-ইষ্ট কেন্সাৰ হস্পিতালৰ সঞ্চালক গনেশ তামূলীয়ে আদৰণি ভাষণত কয় যে প্ৰতিবছৰে ধপাত সেৱনৰ ফলত পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১·২ মিলিয়ন লোকৰ মৃত্যু হয় ৷বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে বুলি সদৰী কৰে।লগতে তেওঁ ধপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰনৰ বিৰূপ প্ৰক্ৰিয়া সমুহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ ওপৰত ভাষণ দিয়ে।সভাত নৰ্থ-ইষ্ট কেন্সাৰ হস্পিতালৰ উপাধ্যক্ষ ডাঃ ধীৰেন নাথে ভাষণ প্ৰংসগত বিশ্ব ধপাত দিৱসৰ তাৎপৰ্য বাখ্যা কৰা লগতে কেন্সাৰ ৰোগীৰ কাৰণসমুহ ওপৰত বক্তব্য দিয়ে।নাথে নিজৰ ভাষণত কয় যে এডাল চিগাৰেট এজন মানুহৰ ১১ ছেকেণ্ড আয়ুস কমাই বুলি উল্লেখ কৰি আমি আটাইবোৰে নিজৰ ঘৰখনৰ পৰা ধপাত মুক্ত কৰাৰ সংকল্প সময় আহি পৰিছে বুলি মন্তব্য কৰে।সভাত ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰে বিশ্ব ধপাত বিৰোধী দিৱসৰ ওপৰত বিশদ বক্তব্য দিয়ে।
- Log in to post comments
- 80 views