১৪ এপ্ৰিলত মুকলি হ'ব নলবাৰী মেডিকেল কলেজ: ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নিউজ ডেস্ক:

যুদ্ধকালীন তৎপৰতাৰে  নলবাৰী মেডিকেল কলেজত চলিছে প্ৰস্তুতি৷কাৰণ মাজত মাত্ৰ এটা দিন বাকী৷১৪ এপ্ৰিল অৰ্থাৎ গৰু বিহুৰ দিনটোতে বহু প্ৰত্যাশিত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ৷দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ হাতে অসম ভ্ৰমণৰ দিনটোতে চাংসাৰীৰ AIIMS ৰ পৰা ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব বহু প্ৰত্যাশিত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন। 
 নলবাৰী মেডিকেল কলেজখনৰ অধ‍্যক্ষ ডা: যোগেশ শৰ্মাই জানিব দিয়া  মতে সেইদিনা মেডিকেল কলেজখন ভাৰ্চুৱেলী উদ্বোধন  কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।গৌৰৱময় উপস্থিতি থাকিব ৰাজ‌‍‍্যপাল গুলাব চান্দ কাটাৰিয়া,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল‍্যাণ মন্ত্ৰী মনসুখ এল মান্দাৰিয়া,অসমৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্ত।নলবাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত সন্মানীয় কায়িক হিচাপে উপস্থিত থাকিব নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া।
উল্লেখ্য যে ২০১৯ চনৰ ২৭ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  নলবাৰী জিলা ঘগ্ৰাপাৰৰ দক্ষিণ গাওঁত ১৩২ বিঘা ভূমিত শিলান্যাস কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ১৪ এপ্ৰিলৰ দিনটোতে লাভ পূৰ্ণতা৷বৰ্তমান লৈ প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে যোৱা ১৫ মাৰ্চত ৰাষ্ট্ৰীয় আয়ু বিজ্ঞান আয়োগৰ পৰা লাভ কৰিছে মেডিকেল কলেজৰ স্বীকৃতি৷য’ত প্ৰথম পৰ্যায়ত ১০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব অধ্যয়ন৷আনহাতে,উক্ত দিনটোতে প্ৰধানমন্ত্ৰী মোডীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও নগাঁও আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় দুখনৰো কৰিব শুভ উদ্বোধন৷
যাক লৈ প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধনী কৰিবলগীয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এতিয়া দেখা গৈছে ব্যস্ততা৷সজাই পৰাই তোলা হৈছে চিকিৎসা মহাবিদ্যালয়খন৷দিয়া হৈছে আকৰ্ষণীয় ৰভা৷উক্ত অনুষ্ঠানৰ বাবে চলিছে ব্যাপক প্ৰস্তুতিও কৰা হৈছে বুলি নলবাৰীখনৰ অধ‍্যক্ষ ডাঃ যোগেশ শৰ্মাই 'দৈনিক অগ্ৰদূত'ক জানিব দিয়ে।

Your Comments

Related Articles