দুৰ্নীতিৰ তদন্তৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত সাপেখাতীত তিনি সংগঠনৰ প্ৰতিবাদ

দুনীতিৰ তদন্তৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত সাপেখাতীত তিনি সংগঠনৰ প্ৰতিবাদ

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ সোণাৰি আৰু সাপেখাতী উন্নয়ন খণ্ডত ব্যাপক হাৰত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবীত বৃহস্পতিবাৰে সাপেখাতী উন্নয়ন খণ্ডৰ সন্মুখত আছু, যুৱ-ছাত্ৰ পৰিষদ আৰু আটাছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

দুনীতিৰ তদন্তৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত সাপেখাতীত তিনি সংগঠনৰ প্ৰতিবাদ

কিছুদিনৰ পূৰ্বে সোণাৰি গ্ৰীণভিউ হোটেলত পঞ্চায়ত সচিবৰ পৰা উৎকোচ লোৱাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে আটক কৰিছিল ৫জনকৈ গাণনিকক । দুৰ্নীতি গাপ দিবলৈ উৎকোচ দিয়া কাৰ্যত স্বয়ং অভয়পুৰ আৰু সাপেখাতী উন্নয়ন খণ্ডৰ বিডিঅ'গৰাকী জড়িত থকা বুলি দাবী কৰি তিনিটাকৈ সংগঠনে বিষয়াগৰাকীৰ লগতে দুৰ্নীতিত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ।

উল্লেখ্য যে ইতিমধ্যে জিলাখনৰ বহুকেইটা সংগঠনে দুৰ্নীতিৰ তদন্তৰ ভাৰ মুখ্য মন্ত্ৰী তদাৰকী শাখাক অৰ্পণ কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰদান কৰিছে ।

Your Comments