ধুবুৰীৰ পৰা আমিনুৰ আহমেদ
আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত জিলা বিকলাংগ উন্নয়ন সুৰক্ষা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পুৱা ১০ বজাৰ পৰা ৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰ হায় হায়, সমাজ কল্যাণ মন্ত্ৰী হায়, হায় আদিকে ধৰি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে কঁপাই তোলে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ ।
প্ৰতিবন্ধী পৰিয়ালসকলক বিশেষভাৱে বিপিএলত অন্তৰ্ভুক্ত কৰি বিভিন্ন সা-সুবিধা প্ৰদান কৰাৰ লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ অবণ্টন দিয়া, নিবনুৱা ভাট্টা ৫০০ৰ ঠাইত ২০০০ টকা কৰাৰ দাবীকে ধৰি মুঠ এঘাৰ দফীয়া দাবী উত্থাপন কৰি জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে জিলা বিকলাংগ উন্নয়ন সুৰক্ষা সমিতিয়ে ।
- Log in to post comments
- 7 views