গোলাঘাটত আৰক্ষী অধীক্ষকসহ জিলা উপায়ুক্তৰ পুত্তলিকা দাহ

গোলাঘাটত আৰক্ষী অধীক্ষকসহ জিলা উপায়ুক্তৰ পুত্তলিকা দাহ

আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত গোলাঘটীয়া ৰাইজ, বিভিন্ন দল-সংগঠনে মিলি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্ত গৌৰৱ বৌথ্ৰাসহ জিলা আৰক্ষী অধীক্ষকৰ পুত্তলিকা দাহ কৰে ।

প্ৰধানকৈ কিছুদিন পূৰ্বে গোলাঘাট জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি নন্দকিশোৰ গোস্বামীসহ তিনিজন বিজেপি কৰ্মীয়ে আলুৰ ছিণ্ডিকেটৰাজ কৰিবলৈ গৈ জনগণ, ব্যৱসায়ী তথা দল-সংগঠনৰ ৰোষৰ বলি হোৱাৰ লগতে ব্যৱসায়ীমহলে গুণ্ডাকৰ সংগ্ৰহ কৰা অভিযুক্ত কেইজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছিল ।

কিন্তু জিলা প্ৰশাসন তথা জিলা আৰক্ষী অধীক্ষকে আজি পৰ্যন্ত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজ তথা দল-সংগঠনসমূহে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি চহৰখনৰ মাজেৰে জিলা উপায়ুক্ত হায় হায়, আৰক্ষী অধীক্ষকক বৰ্খাস্ত কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে উত্তেজিত ৰাইজে চৰকাৰৰ চকুমুদা কুলিৰ ৰূপৰো সমালোচনা কৰি ৰাইজক চৰকাৰৰ স্থিতি সম্পৰ্কে অৱগত কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

অন্যথা আছুসহ সকলো ৰাইজ, দল-সংগঠনে এই আন্দোলন চলাই নিয়াৰ হুংকাৰ দিয়ে ।

Your Comments