বৰপেটা সাহিত্য সভাৰ উদ্যোগত এখনি দুদিনীয়া গল্প কর্মশালাৰ আয়োজন কৰা হৈছে । বৰপেটা সাহিত্য সভাৰ শতবার্ষিকী মহোৎসৱৰ বছৰজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই উদ্যোগ গ্রহণ কৰা হৈছে বুলি বৰপেটা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।
গল্প কর্মশালাখন সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দি সভাৰ সভাপতি-সম্পাদকে কয় যে অম্বিকাগিৰি-বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত এই কর্মশালা ২৭ আৰু ২৮ অক্টোবৰত অনুষ্ঠিত হ'ব ।
কর্মশালাত সমল ব্যক্তি হিচাপে অসমৰ আগশাৰীৰ বিশিষ্ট সাহিত্যিকক আমন্ত্রণ জনোৱা হৈছে বুলি সভাই জানিবলৈ দিয়ে । সভাই জনোৱা অনুসৰি, কর্মশালাৰ অন্তত অংশগ্রহণকাৰীসকলক গল্প ৰচনা কৰিবলৈ দিয়া হ'ব আৰু অংশগ্রহণকাৰীসকলৰ মানবিশিষ্ট গল্পৰে এখন গল্প সংকলন প্রকাশ কৰা হ'ব ।
এই গ্রন্থখন মহোৎসৱৰ সামৰণী অনুষ্ঠানত উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে । কর্মশালাত অংশগ্রহণকাৰীসকলক প্রমাণ-পত্র আগবঢ়োৱা হ'ব । ইচ্ছুকসকলক শতবার্ষিকী মহোৎসৱ উদ্যাপন সমিতিৰ অন্তৰ্গত আলোচনা-চক্র উপ-সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ কলিতা, সম্পাদক প্রণৱ ভাগৱতীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বৰপেটা সাহিত্য সভাই ।
অংশগ্ৰহণ কৰিব বিচৰাসকলে ৯৪৩৫৩২১৩১১ আৰু ৭০০২১০৩২৫২ ফোন নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
- Log in to post comments
- 5 views