বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত খৈৰাণী, চেঁচাপানী, অভয়পুৰ, মৰিয়ামপুৰ আৰু পাটকিজুলিকে ধৰি বহু ঠাই জলমগ্ন হৈ পৰিছে ৷ যোৱা তিনি-চাৰি দিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবেই এই গাঁওসমূহ বাঢ়নী পানীয়ে বুৰাই পেলায় ৷
আনহাতে, বিগত দিনকেইটাত ভূটান পাহাৰত হোৱা মূষলধাৰ বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা নামি অহা পানীৰ বাবে পাগলাদিয়া, মটঙানদী আদি ফেনেফোটাকাৰে বাঢ়িবলৈ ধৰাত জলমগ্ন কৰিছে নৈপৰীয়া বহু গাঁও ।
ইয়াৰে পাগলাদিয়া নৈৰ খহনীয়াত পৰি উছন গৈছে বহু পৰিয়ালৰ ঘৰ-মাটি ৷ যাৰফলত বহু লোকে অনাহাৰে-অনিদ্ৰাই বেলেগৰ ঘৰত আশ্ৰয় ল'বলগা হৈছে ৷
- Log in to post comments
- 7 views