ৰাজ্যখনত যোৱা বছৰ সফলতাৰে গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত এইবছৰো অসমৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক তথা হাইস্কুলত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷
সেই অনুসৰি বঙাইগাঁও জিলাতো পদক্ষেপ লোৱা হৈছে আৰু তাৰ অংশ হিচাপে আজি জিলাখনৰ বহিঃমূল্যায়কৰ দিনজোৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় ৷ বঙাইগাঁও সৰ্বশিক্ষা অভিযানৰ অধীনত বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বহিঃমূল্যায়কৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত বাবুলাল শৰ্মাই ৷
উপায়ুক্তগৰাকীয়ে প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি নিজৰ বক্তব্যত কয় যে অসমত যিমানবিলাক বিদ্যালয় আছে সেই অনুসৰি শিক্ষা বিভাগত বিদ্যালয়সমূহৰ বিদ্যায়তনিক, সহঃবিদ্যায়তনিক, আন্তঃগাঁথনি, বিদ্যালয় পৰিচালনা আদি সকলো দিশ মূল্যায়ন কৰিবলৈ বিষয়া নাই ৷
সেইবাবে চিন্তা-চৰ্চা কৰি ৰাজ্য চৰকাৰে ইয়াৰ অধীনৰ বিদ্যালয়সমূহৰ মূল্যায়নৰ বাবে তৃতীয় পক্ষক নিয়োজিত কৰাৰ ব্যৱস্থা কৰে আৰু মুখ্য মন্ত্ৰীকে আদি কৰি মন্ত্ৰী-বিধায়ক, আৰক্ষী বিষয়া তথা অন্যান্য বিষয়াৰ দ্বাৰা গুণোৎসৱৰ জৰিয়তে অসমৰ বিদ্যালয়সমূহ মূল্যায়নৰ ব্যৱস্থা কৰা হয় ৷
সেইমৰ্মে এই বছৰো মূল্যায়নৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে ৷ বহিঃমূল্যায়কৰ প্ৰশিক্ষণৰ আৰম্ভণিতে জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) অনুপম ডেকাই আদৰণী ভাষণ দিয়ে ৷
প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডায়েটৰ প্ৰবক্তা দীপক তালুকদাৰ, জিলা সৰ্বশিক্ষা অভিযানৰ ন'ডেল বিষয়া প্ৰদীপ কুমাৰ দেৱশৰ্মা আৰু সৰ্বশিক্ষাৰ আঁচনি বিষয়া গৌতম ঠাকুৰীয়াই বহিঃমূল্যায়কসকলক গুণোৎসৱৰ অধীনত মূল্যায়ন কৰিবলগীয়া দিশসমূহ বিৱৰি কয় ৷
উল্লেখ্য যে বঙাইগাঁও জিলাত আন ১৫খন জিলাৰ লগতে অহা ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব ৷
জিলাখনত ৪২৫গৰাকী বহিঃমূল্যায়কে তিনিদিনীয়া কাৰ্যসূচীৰে ১,০০৭খন নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, এম ভি স্কুল আৰু হাইস্কুলৰ মূল্যায়ন কৰিব ৷
- Log in to post comments
- 31 views