কিছুদিন পূৰ্বে গোলাঘাটত আলু ছিণ্ডিকেটৰ মূল অভিযুক্ত তথা বিজেপি যুৱ মৰ্চাৰ সভাপতি নন্দ কিশোৰ গোস্বামীসহ অমল সোণোৱাল, ধন বৰা, মিণ্টু বৰাক এসপ্তাহ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰাত আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চুতীয়া ছাত্ৰসন্থা,
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে কৰি প্ৰায় ১০টাকৈ জাতীয় সংগঠন তথা ৰাইজৰ সহযোগত এক গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰধানকৈ গোলাঘাটত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিব খোজা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে জিলা প্ৰসাশন তথা গোলাঘাট আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সকলো সংগঠন আৰু সচেতন ৰাইজে ।
চৰকাৰৰ ছত্ৰছায়াত গোলাঘাটৰ এই গুণ্ডাকৰৰ ঘটনা সংঘটিত হৈছে বুলি কোৱাৰ লগতে শীঘ্ৰে দোষী বিজেপি নেতাকেইজনক গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনায় ৷
অন্যথা অধিক গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনকেইটাই ।
- Log in to post comments
- 10 views