নিউজ ডেস্ক:
লংকাত ৰেলৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰী ।নামনিমুৱাৰঙীয়া ৰেলৰ পৰা জব্দ কৰে ড্ৰাগছ ।
বিশেষ সূত্ৰৰ পম খেদি হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত লংকা আৰক্ষীয়ে ৰেলত চলায় এই অভিযান।
আটকাধীন লোক কেইজন ক্ৰমে আছিকুল ইছলাম মুজিবৰ ৰহমান আজাৰুল ইছলাম । তিনিওজনৰ ঘৰ নগাঁও ধিং অঞ্চলত ৷
ড্ৰাগছ খিনিৰ পৰিমান ৬৫গ্ৰাম হোৱাৰ লগতে আনুমানিক বজাৰ মূল্য প্ৰায় ছয় লাখ টকা ৷
তিনি সৰবৰাহকাৰীক লংকা আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 5 views
