শিক্ষক দিৱসৰ দিনাই দিছপুৰত প্ৰাপ্য বিচাৰি জ্যোতিকেন্দ্ৰৰ শিক্ষকৰ কান্দোন, আটক কৰিলে আৰক্ষীয়ে

নটৰাজ

নিউজ ডেস্ক:
শিক্ষক দিৱসৰ দিনাই প্ৰাপ্য বিচাৰি অহা শিক্ষকৰ দিছপুৰত বিলৈ।জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীক মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰৰ আৰক্ষীয়ে আটক কৰিলে দিছপুৰত।উল্লেখ্য যে প্ৰাপ্য বিচাৰি সংবাদমেল সম্বোধন কৰিছিল শিক্ষকসকলে।তাতেই অপৰাধ হ'ল এইসকল শিক্ষকৰ।দিছপুৰ প্ৰেছ ক্লাৱত শিক্ষকসকলে সংবাদমেল সম্বোধন কৰি কলা বেজ পৰিধান কৰিছিল।কলা বেজ পৰিধান কৰি প্ৰাপ্য বিচাৰি সংবাদমেল সম্বোধন কৰা অপৰাধত আৰক্ষীয়ে আটক কৰে শিক্ষকসকলক।

গুৰুত্বপূৰ্ণ কথা এই যে,দীর্ঘদিনৰ পৰা শিক্ষক সকলে প্ৰাপ্য বিচাৰি চৰকাৰক দাবী জনাই আহিছিল।বিগত ৫মাহ বিনা বেতনে চাকৰি কৰি অহা এইসকল শিক্ষকে আজি শিক্ষক দিৱস বৰ্জন কৰি শিক্ষা বিভাগক অসুবিধাৰ কথা ব্যক্ত কৰিছিল।

ইফালে আৰক্ষীয়ে আটক কৰাক লৈ শিক্ষাকর্মী সকলে কয়-“আমাৰ মনৰ কথাখিনি কোৱা অধিকাৰো নাই নে? কলা বেজলৈ ভয় কৰা বিভাগে আমাৰ জীৱনটো কলা কৰাৰ অধিকাৰ ক’ত পালে?আমাৰ জীৱনলৈ নমাই অনা এই আন্ধাৰ আঁতৰাই দিয়ক।বিগত এপ্ৰিলৰ পৰা আমি দৰমহা পোৱা নাই।আমি প্ৰতিদিনে চকুপানী টুকি -টুকি কাম কৰিছোঁ৷”

Your Comments

Related Articles