
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ ছয়মাইলত ট্রেফিক চিগনেলৰ পোষ্ট ভাঙি পলায়ন কৰা ধৃত ডাম্পাৰ চালকক আটক।চিচিটিভি ফুটেজৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাই আটক কৰে চালক ৰমজুল আলিক।মহানগৰীত প্ৰায় ৮০কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিছিল এই অত্যাধুনিক ট্ৰেফিক ছিগনেল।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা ১০দিন নহওতেই মহতীয়াই ভাঙে এই খুঁটাটো ৷
দিছপুৰ আৰক্ষীৰ যান বাহন শাখাই ঘটনা সংঘটিত হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে আজিজ নগৰৰ পৰা আটক কৰে ধৃত চালকজনক।চালকজনৰ ঘৰ নলবাৰীৰ মুকালমুৱাত।
- Log in to post comments
- 48 views