গুৱাহাটীৰ বশিষ্ঠত বন্ধ ঘৰত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।বশিষ্ঠৰ পাটৰকুছিত এটা তলাবন্ধ কোঠাত আজি উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো।মৃতদেহটো পূজন দে'ৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।উদ্ধাৰ হোৱা মৃত লোকজন এগৰাকী ই-ৰিক্সা চালক,ঘৰ বৰপেটাত।
বিগত তিনিদিনে ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছিল।মৃত পূজনে যোৱা এবছৰ ভাগিনীয়েকৰ সৈতে পাটৰকুছিৰ  অৰবিন্দ ফাংছ' নামৰ লোকজনৰ ঘৰত ভাড়াতীয়াৰূপে আছিল।দেওবাৰে ভাড়াঘৰৰ চৌহদত দুৰ্গন্ধ ওলোৱাত  অৰবিন্দ ফাংছৰ ঘৰত থকা আন ভাড়াতীয়া সকলে বশিষ্ঠ থানাৰ আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা স্থলীলৈ গৈ বন্ধ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ।   
ইফালে এয়া হত্যাকাণ্ড নে স্বাভাৱিক মৃত্যু বৰ্তমানো সন্দেহৰ আৱৰ্তত।পূজনক তেওঁৰ ভাগিনীয়েকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকৰ।অভিযোগ মতে নিচাসক্ত আছিল ভাগিনীয়েক।বিগত তিনিদিন ধৰি ভাড়াঘৰত নাছিল ভাগিনীয়েক।

Your Comments