গুৱাহাটী মহানগৰীত নিশা কৰ্তব্যৰত শ্ৰমিকক মহতিয়াই নিলে তীব্ৰবেগী বাহনে

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত পুনৰ হীট এণ্ড ৰাণৰ ঘটনা।জি এছ ৰোডত সুৰামত্ত চালকৰ দৌৰাত্ম্য।শনিবাৰে নিশা চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত  হয় গুলছান নামৰ শ্ৰমিকগৰাকী ৷
উল্লেখ্য যে নিশা জি এছ ৰোডত বিদ্যুত বিভাগৰ পাইপ পোতা কামত নিয়োজিত হৈ থকা অৱস্থাত শ্ৰমিকজনক  খুন্দিয়াই পলায়ন কৰে বাহনখন।শ্ৰমিকে কাম কৰিবৰ বাবে ব্যৱস্থা কৰি লোৱা বেৰিকেড ভাঙি শ্ৰমিক জনক খুন্দিয়ায় বাহনখনে।
গুৰুত্বপূৰ্ণ কথা  এই যে,প্ৰথমতে বাহনখনে এখন বাইকত খুন্দা মাৰিছিল।তীব্ৰ বেগেৰে অহা বাহনখনে মটৰ চাইকেল আৰু শ্ৰমিকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে।ইফালে গুৰুতৰভাৱে আহত শ্ৰমিকজনক ১০৮ সেৱাৰ জৰিয়তে ভৰ্তি কৰোৱা হয় জিএমচিএইচত ।
তাৎপৰ্যপূৰ্ণ কথা এই যে,বিগত বৰ্ষত মডেল ৰাজকন্যা বৰুৱাই জি এছ ৰোডত নিশা সুৰাসক্ত অৱস্থাত মহতিয়াই নিছিল যোচেফ মাৰাক নামৰ এজন শ্ৰমিকক।

Your Comments