মানৱ সমাজক লজ্জানত কৰা কাৰ্য ; খানাপাৰাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ নৱজাতকৰ মৃতদেহ।দেওবাৰে পুৱাৰ ভাগত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
ইফালে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পুনৰ এবাৰ উদঙালে জীৱশ্ৰেষ্ঠ মানৱ সমাজৰ নিকৃষ্ট মানসিকতা। 
প্ৰাপ্ত তথ্য মতে মৃতদেহটো এটি বস্তাত ভৰাই পেলাই থৈ যায়।মৃত দেৱ শিশুটি পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক৷পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

Your Comments