গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড; পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগত ভাৰাতীয়াই হত্যা কৰিলে মালিকক

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।ভাৰতীয়াই ঘপিয়াই হত্যা কৰিলে মালিকক।ভাৰাতীয়াৰ পত্নীক যৌন আতিশায্য চলোৱাৰ গুৰুতৰ অভিযোগত দাৰে গুপ্তাঙ্গক্ষত কৰি হত্যা কৰে হেমধৰ বৰুৱাক।ভাৰাতীয়া ধৰণী ডেকাই এই ঘটনা সংঘটিত কৰি পত্নীসহিতে দিছপুৰ থানাত আত্ম সমৰ্পন কৰে।গুৱাহাটী কৃষ্ণ নগৰ বিক্ৰমপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।বিক্ৰমপুৰ ৪৫নম্বৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।বাসগৃহৰ ওপৰৰ মহলাত পত্নীয়ে তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত প্ৰত্যক্ষ কৰে হেমধৰ বৰুৱাক ।ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও মৃত্যু হয় গুৰুতৰভাৱে আহতলোকজন।
প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।বিশেষ সূত্ৰৰ খবৰ মতে দীৰ্ঘদিনৰ পৰা মালিক হেমধৰে যৌন আতিশায্য চলাই আহিছিল ভাৰতীয়া ধৰণীৰ পত্নীক।আৰক্ষীৰ আগতো এই কথা স্বীকাৰ কৰিছে ধৰণীয়ে।
ইফালে হত্যাকাৰী ধৰণী ডেকাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।

Your Comments