মহানগৰত ৰেপিড' চালকে যুৱতী যাত্রীক বেয়া ব্যৱহাৰ আৰু হেলমেটেৰে প্ৰহাৰ কৰাৰ অভিযোগ;দিছপুৰ থানাত অভিযুক্ত চালক

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত ৰেপিড' বাইক চালকৰ উদ্ভণ্ডালি।যুৱতীক অশালীন ব্যৱহাৰ, হেলমেটেৰে প্ৰহাৰৰ গুৰুতৰ অভিযোগ ৰেপিড’ চালক দ্বীপেন গোহাঁইৰ বিৰুদ্ধে।যোৱা নিশা সংঘটিত হৈছে এই ঘটনা।
প্ৰাপ্ত খবৰ মতে সোমবাৰে নিশা গুৱাহাটী জয়ানগৰৰ পৰা কুমাৰপাৰালৈ এগৰাকী যুৱতীয়ে বুকিং কৰিছিল ৰেপিড’।ঘটনামতে ৰেপিড’ চালক গৰাকীয়ে  যাত্ৰী গৰাকীক অফলাইন কৰাৰ বাবে কয়।কিন্তু যুৱতী গৰাকীয়ে অফলাইন কৰাৰ বাবে মান্তি নোহোৱাত চালক গৰাকীয়ে অশ্লীল ব্যৱহাৰ কৰাৰ লগতে হেলমেটেৰে প্ৰহাৰ কৰা বুলি অভিযোগ দাখিল কৰে দিছপুৰ থানাত।যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৰেপিড’ বাইক সহ  আটক কৰে চালক দ্বীপেনক।
উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত চলাচল কৰা ৰেপিড’ বাইকসমূহৰ কোনো নিয়ন্ত্ৰণ নোহোৱাৰ দৰে হৈছে।যাত্রীক হাৰাশাস্তিৰে নিজৰ মইমতালিত একাংশ চালকে চলাই আহিছে ৰেপিড’।বহু সময়ত যাত্রীৰ পৰাৰ অতিৰিক্ত ভাড়া দাবী কৰাৰো গুৰুতৰ অভিযোগ আছে একাংশ চালকৰ বিৰূদ্ধে।

Your Comments