গুৱাহাটীৰ গান্ধীবস্তিত নলাত পৰি থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত হত্যা-হিংসা ঘটনা নিতৌ বৃদ্ধি পোৱাৰ সময়তে এইবাৰ নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ।গান্ধীবস্তি তিনি আলিৰ নলাত উদ্ধাৰ হামিদুল আলী নামৰ এজন যুৱকৰ মৃতদেহ।সোমবাৰে পুৱাই স্থানীয় ৰাইজে নলাত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।আৰক্ষী আহি মৃতদেহটো নলাৰ পৰা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।
আনহাতে উদ্ধাৰ হোৱা মৃতদেহটো সন্দৰ্ভত আৰক্ষীয়ে কয়-পুৱাই নলাত যুৱকজন পৰি থকা স্থানীয় ৰাইজে  প্ৰত্যক্ষ কৰি আৰক্ষীক জনায়।নলাৰ পৰা উদ্ধাৰ কৰা মৃতদেহটোত কোনো আঘাতৰ চিন নাই।সেইমৰ্মে হত্যা নহয় বুলি প্ৰাথমিক পৰ্যায়ত অনুমান কৰিছে।নলাত যুৱকজন পিচলি পৰি মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,যুৱকজনে ঠেলাত কাপোৰ ব্যৱসায়ী কৰিছিল।গান্ধীবস্তিত ভাড়াঘৰত আছিল মৃত যুৱক জন।ইফালে ঘটনাস্থলীৰ পৰা যুৱকজনৰ মোবাইলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Your Comments