গুৱাহাটী বশিষ্ঠ নৈত উদ্ধাৰ চাৰিখন মটৰ চাইকেল

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ নৈত উদ্ধাৰ চাৰিখনকৈ মটৰ চাইকেল।সাওকুচিত উদ্ধাৰ হোৱা মটৰ চাইকেল ৪খনৰ পঞ্জীয়ন কামৰূপৰ(ম)।বশিষ্ঠ নৈত ৰাইজে পুৱাই প্ৰত্যক্ষ কৰে মটৰ চাইকেলকেইখন।উদ্ধাৰ হোৱা ৪খন বাহনৰ ২খন স্কুতি।গ্লেমাৰ, এফ জেদ, ডিঅ’, ডুৱেট বুলি গম পোৱা গৈছে বাহন কেইখন।বাহন ৪খনৰ নম্বৰ ক্ৰমে AS 01BK 5813, AS 01 BP 0487, AS01 BG 7714 আৰু AS01 EB 2718।
উল্লেখ্য যে ,গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হৈ আছে বাহন চুৰি ঘটনা।গুৱাহাটী আৰক্ষীৰ চকুত ধূলি দি নিতৌ বৃদ্ধি পাইছে এই চুৰিকাণ্ড।প্ৰাথমিক তদন্তত
মটৰ চাইকেল কেইখন চুৰি কৰি আনিয়েই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।প্রকৃত তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Your Comments