ভাল খবৰ; অসমসহ উত্তৰ-পূৱৰ অন্য দুই ৰাজ্যত হ্ৰাস পাব AFSPA পৰিসৰ, পঢ়ক

A

নিউজ ডেস্ক:
ৰাজ্যবাসীলৈ ভাল খবৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPAৰ পৰিসৰ হ্রাস পাব অসমত।অসমৰ ২৩খন জিলাৰ পৰা প্ৰত্যাহাৰ হ’ব AFSPA।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে টুইটযোগে সদৰী কৰিলে এই কথা।উল্লেখ্য যে ,অসমৰ উপৰিও অন্য দুই ৰাজ্য নাগালেণ্ড, মণিপুৰতো আইনখনৰ পৰিসৰ হ্ৰাস পোৱাৰ কথা সদৰী কৰিছে মন্ত্ৰী গৰাকীয়ে।
নাগালেণ্ডৰ ৮জিলা আৰু মণিপুৰৰ ৬জিলাৰ পৰা সম্পূৰ্ন কৈ প্ৰত্যাহাৰ হ’ব আইনখন।
গুৰুত্বপূৰ্ণ কথা এই যে ,সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে।

Your Comments