
নিউজ ডেস্ক:
২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ কেতবোৰ নীতি–নিৰ্দেশনা আগবঢ়াইছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই।সংবাদমেলযোগে নীতি নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিস শৰ্মা আৰু উপ–আৰক্ষী আয়ুক্ত (যান বাহন শাখা) হিৰণ্য বৰ্মনে।
AT ৰোড, MG ৰোড, তৈয়বুল্লা পথ, বি বৰুৱা ৰোড, GS ৰোড, পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।২৫ ফেব্ৰুৱাৰীত কামাখ্যা দৰ্শনৰ বাবে মালিগাঁও হৈ নতুনকৈ বনোৱা পথেৰে যাব লাগিব।পুৱা ৬.৩০ৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।২৫ ফেব্ৰুৱাৰীত দিনৰ ১১:২০ৰ পৰা ১২:১৫ বজালৈ সাধাৰণ ৰাইজে বিমানবন্দৰৰ পৰা কামাখ্যালৈ গাড়ী চলাচল নকৰিলে ভাল। সন্ধিয়া ৫ বজাৰ পৰা ৬:৪৫ বজালৈ জি এছ ৰোড ৰাষ্ট্ৰপতিৰ বাবে ব্যস্ত থাকিব।সেই সময়ত সৰ্বসাধাৰণ লোকে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ উপ–আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে।ছয় মাইলৰ উৰণীয়া সেঁতুৰ তলৰ মাছ, ফল–মূলৰ দোকান সেইদিনা বন্ধ ৰাখিবলৈ অনুৰোধ জনাই পৌৰ নিগমৰ আয়ুক্তই।
- Log in to post comments
- 9 views