
নিউজ ডেস্ক:
অহা ৬ মাৰ্চত অনুষ্ঠিত হ'ব লগীয়া মঙ্গলদৈ পৌৰ সভা নিৰ্বাচনত মুঠ ৫৮ গৰাকী প্ৰাৰ্থীৰ মাজত ভাগ্য নিৰ্নয় হ'ব। ১০ টা ৱাৰ্ডৰ কংগ্ৰেছ , বিজেপি মিত্ৰ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীকে আদি কৰি সৰ্বমুঠ ৫৮ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে নিৰ্বাচনী যুজত অবতীৰ্ণ হৈছে। উল্লেখ্য যে ১৯৭২ চনৰ পৰা বংশগত ভাবে ধৰি ৰখা মঙ্গলদৈ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক হাচিমুদ্দিন আহমেদৰ পুত্ৰ মিৰ্জা মহম্মদ ইকবালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈ নিৰ্বাচনী ৰনত বিপুল ভোটত জয়ী হ'বলৈ ককালত টঙালি বান্ধিছে। উল্লেখ্য যে মঙ্গলদৈ পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছ দলে এইবাৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে। উক্ত নিৰ্বাচনত সমষ্টিটোৰ বিধায়ক বসন্ত দাসে নিজ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাবলৈ উঠি পৰি লাগিছে আৰু মঙ্গলদৈ পৌৰসভাটো কংগ্ৰেছৰ দখলত ৰাখিবলৈ প্ৰয়াস চলাইছে।
- Log in to post comments
- 10 views