
নিউজ ডেস্ক:
তিনি দশক আগেয়ে লুপ্ত হোৱা ছোভিয়েট ইউনিয়ন পুনৰ্গঠনৰ গোপন পৰিকল্পনা কৰিছে ৰাছিয়াৰ প্রেছিডেন্ট ভ্লাডিমিৰ পুতিনে। মঙ্গলবাৰে এই অভিযোগ কৰিলে ইউক্রেইনৰ প্রতিৰক্ষামন্ত্রী অ’লেক্সি ৰেজনিকভে। তেওঁ কয় যে ‘‘ছোভিয়েট প্রজাতন্ত্রক পুনৰ একত্রিত কৰাৰ কাম-কাজ আৰম্ভ কৰিছে ৰাছিয়াই।’’
ৰাষ্ট্ৰপতি পুতিনে সোমবাৰে নিশা ইউক্রেইনৰ দুটি অঞ্চল ডনেৎস্ক আৰু লুহানস্ক (যাক একেলগে ডনবাছ বোলা হয়)-ক ‘স্বাধীন’ ঘোষণা কৰে। তেওঁৰ এই পদক্ষেপৰ ফলত পশ্চিমী-সমর্থিত ইউক্রেইন চৰকাৰৰ সৈতে ৰাছিয়াৰ সংঘাত আৰম্ভ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে৷
ইতিমধ্যে এই বিষয়টি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰস্হ কৰা হৈছে। ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয় যে “আমি কাকোৱেই ভয় নকৰো৷ কাৰো ওচৰতে বশ্যতা স্বীকাৰ নকৰো, কাৰো হাতত একো তুলিও নিদিওঁ।” প্ৰতিৰক্ষামন্ত্ৰী ৰেজনিকভে মঙ্গলবাৰে ইউক্রেইন সেনাৰ আধিকাৰীসকলৰ সৈতে কৰা এক বৈঠকযোগে কয় যে ‘আগন্তুক দিনত ত্যাগ আৰু ক্ষয়ক্ষতিৰ’ বাবে প্রস্তুত হ’ব লাগিব৷
- Log in to post comments
- 8 views