অসমৰ টেলিভিছন জগতৰ প্ৰথমজন নিউজ ৰীডাৰ প্ৰতাপ বৰদলৈৰ দেহাৱসান

A

 

নিউজ ডেস্ক:
অসমৰ টেলিভিছন জগতৰ  প্ৰথমজন নিউজ ৰীডাৰ প্ৰতাপ বৰদলৈয়ে শুকুৰবাৰে নিশা শেষনিশ্বাস ত্যাগ কৰে ৷
উল্লেখ্য যে ,গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক আছিল বৰদলৈ ৷আকাশবাণী গুৱাহাটী কেন্দ্ৰৰো বাতৰি ঘোষক আছিল বৰদলৈ ৷
ইয়াৰ উপৰিও প্ৰতিষ্ঠা কালত DY365ৰ সৈতে জড়িত আছিল বৰদলৈ ৷
মৃত্যুৰ সময়ত পত্নী, দুই কন্যা, পুত্ৰক এৰি গৈছে বৰদলৈয়ে ৷ ৭২ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে প্ৰতাপ বৰদলৈয়ে ৷ আজি দুপৰীয়া ১২ বজাত গুৱাহাটীৰ নৱগ্ৰহত শেষকৃত্য সমাপন কৰা হ’ব ৷

Your Comments