কলং পুনৰুজ্জীৱিতকৰণ জলসজলসম্পদ বিভাগৰ অভিনৱ প্ৰয়াস এতিয়া ইতিহাস হোৱাৰ দিশে :কলং পুনৰুজ্জীৱিতকৰণ আঁচনিত ধৰিছে মামৰে

A

B

নিউজ ডেস্ক:

ইতিহাস প্ৰসিদ্ধ নদী কলং৷ কলঙৰ আছে এক ঐতিহাসিক গুৰুত্ব৷ কলংপৰীয়া সভ্যতা-সংস্কৃতিয়ে চহকী কৰিছে অসমৰ সভ্যতা-সংস্কৃতিৰ বৰপেৰাটো৷ কলং বুলি ক’লেই যেন সোঁৱৰণীৰ মণিকোঠাত সাৰ পায় অসমৰ সাহিত্য জগতৰ নজহা-নপমা যুগৰ মেটমৰা সম্ভাৰ৷ মধ্য অসমৰ আৰ্থ-সামাজিক দিশতো কলঙৰ অৱদান অনস্বীকাৰ্য।
কিন্তু সুখৰ সান্নিধ্যৰ মাজতো এটা সময়ত বহুতৰে বাবে কলং হৈছিল দুখৰ চকুলো৷ এফালে যেনেদৰে কলং আছিল সৃষ্টিৰ উৎস, আনফালে আকৌ কলঙৰ ধ্বসাংত্মক কাৰ্যয়ো স্তব্ধ কৰিছিল বহুতৰে জীৱন-যৌৱন৷ কলঙৰ পাৰ উপচা পানীয়ে যেনেদৰে সৃষ্টিৰ অনুপ্ৰেৰণা যোগাইছিল, তেনেদৰে কলঙৰ বাগৰি অহা বানে হতাশাৰো সৃষ্টি কৰিছিল৷ যাৰ বাবে বিগত সত্তৰ দশকতে বান প্ৰতিৰোধৰ বাবে স্তব্ধ কৰি দিয়া হৈছিল কলঙৰ গতি। তাৰ পিছৰ পৰাই মৃত্যু বেদনাত নীৰৱে উচুপি আহিছে হেঁপাহৰ কলঙে৷ তেনেদৰেই ক্ৰমাৎ নদীখন মৃত্যু সুঁতিলৈ পৰ্যৱসিত হৈ বৰ্তমান প্ৰদৃষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এনে এখন নদীৰ অকাল মৃত্যুক কিন্তু সচেতন মহলে সহজভাবে ল'ব পৰা নাই। বিগত সময়ত কলং পুনৰুজ্জীৱিতকৰণৰ বাবে বিভিন্ন দল, সংগঠন তথা সচেতন নাগৰিকে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল। শেহতীয়াকৈ তদানীন্তন জলসম্পদ মন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলং পুনৰুজ্জীৱিতকৰণ বাবে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ লগতে বিশেষজ্ঞ কমিটীৰ পৰামৰ্শমৰ্মে প্ৰাকক্কলন প্ৰস্তুত কৰি কলঙত পুনৰ প্ৰাণ সঞ্চাৰৰ প্ৰচেষ্টা হাতত লোৱা হয়। হাতীমূৰা আৰিকাটিমুখৰ পৰা ওলোৱা কলঙৰ মুখভাগত এখন পানীদ্বাৰ নিৰ্মাণ কৰি কলঙক বোৱাই নিয়াৰ বাবে প্ৰশাসনিক অনুমোদন লাভ কৰে। ইতিমধ্যে কলঙৰ বুকুৰে জলধাৰা বোৱাবলৈ ১৩৫ কোটি ৪০ লাখ টকা ধাৰ্য কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ উপস্থিতিত তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আৰতি-উৰুলিৰে পানীদ্বাৰ নিৰ্মাণ কাম শুভাৰম্ভ কৰে। অতি তীব্ৰগতিৰে দিনটোৰ চব্বিশ ঘণ্টাই বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে কাম কৰি ছমাহৰ ভিতৰত কলঙক বোৱতী নদী কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভণী অনুষ্ঠানতে ঘোষণা কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে ‘জেড ইঞ্জিনিয়াৰিং’ নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰা নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ বাবে আজি দুবছৰত ভৰি দিলে, কিন্তু পানীদ্বাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল। ইয়াকে লৈ কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁৱৰ সচেতন ৰাইজৰ মাজত কলং পুনৰ বোৱতী হ’বনে নহয় তাৰ সন্দেহ ঘনীভূত হৈছে। ইফালে নতুনকৈ দায়িত্ব গ্ৰহণ কৰা বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই নিৰ্মাণ সংস্থাটোক কম দিনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰিবৰ বাবে নিৰ্দেশ দিয়াও প্ৰায় ছমাহ অতিক্ৰম কৰিলে৷ কিন্তু আজিলৈকে পানীদ্বাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠাত নিৰ্মাণ সংস্থাটোক কিয় ব্লেক লিষ্টেড কৰা হোৱা নাই  বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। 
কলং পুনৰুজ্জীৱিতকৰণ বিশেষজ্ঞ সমিতিৰ সদস্য ভূপেন শৰ্মাই এই সন্দৰ্ভত এনেদৰে কয়…….
আনহাতে, পানীদ্বাৰ নিৰ্মাণত ব্যৱহাৰ কৰা ৰডসমূহত মামৰ লগাৰ বাবে কামৰ মানদণ্ডৰ ওপৰত সন্দেহৰ অৱকাশ থকা বুলি ৰাইজৰ মাজত চৰ্চা হোৱা দেখা গৈছে। ইফালে বাৰিষাও সমাগত৷ গতিকে ২০২২ বৰ্ষতো কলং যে বোৱতী হোৱাৰ আশা নাই সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

 

Your Comments