শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কলা বেজ পৰিধান ঠিকাভিত্তিক শিক্ষকৰ; ২৮ফেব্ৰুৱাৰীত সৰ্বশিক্ষা ঘেৰাও

A

 

B

নিউজ ডেস্ক:

সমগ্ৰ ৰাজ্যত কলা বেজ পৰিধান কৰি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ।চাকৰি নিয়মীয়াকৰণ দাবীত দীৰ্ঘদিনৰ পৰা প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও শিক্ষামন্ত্ৰী পেগুৱে গুৰুত্ব নিদিয়াৰ অভিযোগ সমাজৰ।ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰাজ্যপালৰ নির্দেশৰ পাছতো আজি পৰ্যন্ত কাৰ্যকৰী কৰিব নোৱাৰিলে শিক্ষা বিভাগ তথা দায়িত্বত থকা মন্ত্ৰীয়ে।বিপৰীতে যোৱা ১২ফেব্ৰুৱাৰীত সৰ্বশিক্ষা টেট উৰ্ত্তীণ শিক্ষকসকলক উপলুঙাহে কৰাৰ অভিযোগ মন্ত্ৰী পেগুৰ বিৰুদ্ধে।শুকুৰবাৰে  বিদ্যালয়ত ঠিকাভিত্তিক প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে , শিক্ষামন্ত্ৰীৰে ৬-৭বাৰ আলোচনাত ঠিকাভিত্তিক শিক্ষকসকল মিলিত হৈছিল।কেৱল মই 'চাই লম' বুলি আশ্বাস দিয়া বাহিৰে অন্য কোনো বাস্তৱমুখী পদক্ষেপ লব নোৱাৰে বুলি সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই প্ৰেছ বিবৃত্তি যোগেদি কয়।গুৰুত্বপূৰ্ণ কথা এই যে ,২০১৯চনৰ পৰা সৰ্বশিক্ষাৰ অন্তৰ্গত এইসকল শিক্ষকে লাভ কৰা নাই বৰ্দ্ধিত মৰগীয়া বানাচ আৰু বকেয়া।
আনহাতে আলোচনাৰ মাধ্যমত কোনো সঁহাৰি লাভ নকৰা বাবেই অহা ২৮ ফেব্ৰুৱাৰীত শিক্ষকসকলে 'সৰ্বশিক্ষা ঘেৰাও' কাৰ্যসূচী হাতত লব বুলি আজি বিবৃত্তিত ঘোষণা কৰে।

C

Your Comments