
নিউজ ডেস্ক:
বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰিলে এগৰাকী মানুহ পণ্ডিত হৈ নায়ায়।শিক্ষাৰ জ্ঞান আহৰণ কৰিলেও মানুহৰ নৈতিক জ্ঞানৰ প্ৰয়োজন।সমদৰ্শিতা থাকিলেহে এগৰাকী ব্যক্তিয়ে পাণ্ডিত্য লাভ কৰে।এই মন্তব্য শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ। নলবাৰী জিলাৰ শংকৰদেৱ সংঘৰ ৪৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বুধবাৰে অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শংকৰদেৱৰ আদৰ্শৰ সাধকগৰাকীয়ে শংকৰদেৱ যে এগৰাকী সৰ্বগুণাকাৰ ব্যক্তি আছিল তাৰ ওপৰত বিভিন্ন দিশ ফঁহিয়াই বক্তব্য প্ৰদান কৰে।তেওঁ নিজ ভাষণত শংকৰদেৱে ইতিহাসৰ এক জটিল সন্ধিক্ষনত জন্ম গ্ৰহণ কৰি অন্যায়-ব্যাভিচাৰ,ভিন্নৰুচি- ভিন্ন মত বিদীৰ্ণ কৰি জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে এখন সুসংহত আৰু সংস্কৃতি বান সমাজ গঠনৰ ক্ষেত্রত এক ঐতিহাসিক দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে।যাৰ বাবে অসম তথা সমগ্র উত্তৰ পূৱ ভাৰতৰ জনগণ শংকৰদেৱৰ ওচৰত চিৰঋণী হৈ থাকিব বুলিও তেওঁ দাবী কৰে।ঘগ্ৰাপাৰৰ সমীপৰ দলুৱাস্থিত বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ তৰুণ চন্দ্ৰ তালুকদাৰ সমন্বয় ক্ষেত্ৰত দিনৰ ১২ বজাৰ পৰা নলবাৰী জিলাৰ শংকৰদেৱৰ সংঘৰ সভাপতি বৈকুণ্ঠ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত সহজ সৰল নামধৰ্মৰ জৰিয়তে সাম্যবাদৰ আৰ্হিত সমাজৰ সকলো শ্ৰেণীৰ লোকক একতাৰ দোলৰে বান্ধি বৃহৎ অসমীয়া জাতি গঠনৰ পথ প্ৰশস্ত কৰিছিল বুলিও বাবুল বৰাই মন্তব্য কৰে।উক্ত সভাত অন্য এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে শংকৰদেৱৰ সংঘৰ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। নিজ ভাষণত শংকৰদেৱে মানৱীয় আদৰ্শ আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে নৱ বৈষ্ণৱ ধৰ্মৰ যি সোঁত বোৱালে তাৰ ফলত অসমীয়া জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল বুলি তেওঁ উল্লেখ কৰে।ভাষণ প্ৰংসগত তেওঁ গুৰুজনা অকল ধৰ্ম প্ৰৱৰ্তকে নহয় বুলি কৈ শংকৰদেৱ এজন বিদগ্ধ পণ্ডিত, দাৰ্শনিক, সমাজ সংগঠক তথা সাংস্কৃতিক স্ৰষ্টা আছিল বুলিও দোহাৰে।শংকৰদেৱৰ দৰে বিশাল প্ৰতিভাৰ ব্যক্তি অসম নহয় গোটেই বিশ্বতে বিচাৰি পাবলৈ টান বুলি প্ৰাক্তন পদাধিকাৰগৰাকীয়ে মন্তব্য কৰে।মুকলি সভাখনত আই মাতৃ বক্তা পদুমী হালৈ কলিতা, যূৱ বক্তা সাগৰিকা কলিতাও ভাষণ প্ৰদান কৰে।মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শংকৰদেৱ সংঘৰ মুলৰ প্ৰচাৰক মণিৰাম দাসে।নিজ ভাষণত তেওঁ শংকৰদেৱ সংঘৰ চিৰ নমস্য প্ৰতিষ্ঠাপক সকলে গুৰুজনাৰ ধৰ্মীয় দৰ্শন, সাহিত্য সংস্কৃতি,ৰীতি-নীতি শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা অনুষ্ঠানটি আজি বিশ্বত এটি সুবৃহৎ অৰাজনৈতিক জাতীয় অনুষ্ঠানৰ ৰূপ লৈছে বুলি দাবী কৰে।মুকলি সভাৰ পুৰ্বে আজি পূৱা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শৰণ সদস্য হৰিচৰণ কলিতাই।শোভাযাত্ৰা উদ্বোধন কৰি কলিতাই এক শৰণ হৰি নাম ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱ উচ্চ -নীচ,ভেদাভেদহীন তথা ঐক্য -সম্প্ৰতিৰ উচ্চভাৱ ধাৰাৰ সমাজ এখনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য কৰে।শোভাযাত্ৰাৰ পুৰ্বে পতাকা উত্তোলন শংকৰদেৱৰ সংঘৰ সভাপতি বৈকুণ্ঠ কলিতাই।উল্লেখ্য যে নলবাৰী জিলাৰ শংকৰদেৱ সংঘৰ অহাবেলি ৪৫ সংখ্যক অধিৱেশনখন শংকৰজ্যোতি আঞ্চলিক শাখাৰ আতিথ্যত জিলাখনৰ কৈঠালকুছিত অনুষ্ঠিত হ’ব।
- Log in to post comments
- 15 views