
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ গান্ধীবস্তীস্থিত গান্ধীনগৰ মজলীয়া বিদ্যালয়ক নতুন ৰূপত গঢ়ি তোলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশাক সাকাৰ ৰূপ দিয়াৰ বাবে এতিয়া ওলাই আহিছে একালৰ শৰ্মাৰ সহপাঠী তথা প্ৰাক্তন ছাত্ৰসকল।উল্লেখ্য যে যোৱা ১ফেব্ৰুৱাৰীত নিজৰ জন্ম দিনৰ দিনাই শৰ্মাই বিদ্যালয়খনত উপস্থিত হৈ প্ৰাক্তন সতীৰ্থ তথা শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ওলাই অহাৰ আহ্বান জনাইছিল।মুখ্যমন্ত্ৰীৰ উক্ত আহ্বানলৈ সঁহাৰি জনাই আজি আনুষ্ঠানিক শিক্ষাৰ বীজ ৰোপন কৰা শিক্ষানুষ্ঠানখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ওলাই আহিছে মুখ্যমন্ত্ৰীৰ একাংশ সহপাঠী।একাংশ প্ৰাক্তন ছাত্ৰ তথা মুখ্যমন্ত্ৰী শৰ্মাৰ সতীৰ্থসকলে উন্নয়নৰ প্ৰথমটো পদক্ষেপৰূপে আজি বিদ্যালয় চৌহদত বৃক্ষ ৰোপনৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল, মাক্স আদি বিতৰণ কৰি বিদ্যালয়খনৰ উন্নয়নত জড়িত হৈ থকাৰ অংগীকাৰ লয়।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক শিক্ষাৰ শুভাৰম্ভ কৰা বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ইতিমধ্যে ৩কোটি টকা অনুদান ৰূপে জন্মদিনত ঘোষণা কৰিছে।
বৃহস্পতিবাৰে ছাত্ৰ-ছাত্ৰী, তথা শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰি প্ৰাক্তন ছাত্ৰ তথা মুখ্যমন্ত্ৰী শৰ্মাৰ সহপাঠী দ্বিপেন ডেকাই কয় যে বিদ্যালয়খনৰ সৰ্বাঙ্গীন উন্নতিয়ে আমাৰ কাম্য; আমি ইয়াৰ উন্নয়নমূলক কাম কাজত জড়িত হ'ব পাৰি সুখ অনুভৱ কৰিছোঁ। মুখ্যমন্ত্ৰী তথা একালৰ সহপাঠী হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয়খনৰ প্ৰতি তেখেতে প্ৰকাশ কৰা বাদন্যতাক ধন্যবাদ জনাই শ্ৰী ডেকাই লগতে কয় যে আমি সকলো প্ৰাক্তন ছাত্ৰই বিদ্যালয় খনৰ উন্নয়নৰ হকে সদায় নিঃস্বাৰ্থ ভাৱে কাম কৰি যাম।
ইফালে বিদ্যালয়খনৰ অন্য এগৰাকী প্ৰাক্তন ছাত্ৰ তথা মুখ্যমন্ত্ৰীৰ সহপাঠী ৰাজীৱ শৰ্মাই কয় যে -ক্ৰীড়া,সাহিত্য,সংস্কৃতি পাৰিপাৰ্শ্বিকতা আদি প্ৰতি দিশত বিদ্যালয়খনৰ যাতে সৰ্বাংগীণ উন্নয়ন কৰিব পাৰো তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিয়েই আজি এই বৃক্ষৰোপন কাৰ্যৰে জড়িত হৈছোঁ।বিদ্যালয়ক প্ৰতিটো ক্ষেত্ৰতে উজলাই তুলিবলৈ ভৱিষ্যতে চেষ্টা কৰা হ'ব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুদানৰ এটা টকাও যাতে অপব্যয় নহয় তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়া উচিত বুলিও তেওঁ লগতে কয়। ইফালে প্ৰাক্তন ছাত্ৰসকলৰ এই পদক্ষেপক ধন্যবাদ জনায় বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক প্ৰণৱ ডেকাই । অনাগত প্ৰতিটো দিনত বিদ্যালয়ৰ সৰ্বাঙ্গীন উন্নয়নত তেওঁলোকক জড়িত হোৱাৰো পুনৰ আহ্বান জনায় প্ৰধান শিক্ষক গৰাকীয়ে।
উল্লেখ্য যে , ১৯৭৫ৰ পৰা ১৯৭৮চনলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ এই গান্ধীনগৰ মজলীয়া বিদ্যালয়তে অধ্যয়ন কৰিছিল।
- Log in to post comments
- 84 views