অসম গ্ৰামীণ বিকাশ বেংক,ঘগ্ৰাপাৰ শাখাত চি এছ পিৰ অভাৱত হাৰাশাস্তি গ্ৰাহক ৰাইজৰ

A

নিউজ ডেস্ক:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত দীৰ্ঘদিন ধৰি গ্ৰাহক অনুপাতে চি এছ পি নোহোৱাত ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ এলেকাত বিভিন্ন শ্ৰেণীৰ গ্ৰাহককে ধৰি জৱ -কাৰ্ড শ্ৰমিক, বৃদ্ধ-বৃদ্ধাসকলে তেওঁলোকৰ জমাকৃত ধন আদান-প্ৰদান কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে।এনে পৰিপ্ৰেক্ষিততে আজি ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাসহ এটি সঁজাটি দলে উক্ত বিষয়টো সন্দৰ্ভত ঘগ্ৰাপাৰস্থিত অসম গ্ৰামীণ বিকাশ বেংক শাখাৰ পৰিচালকগৰাকীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ লগতে ঘগ্ৰাপাৰত স্থায়ীভাৱে এজন চি এছ পি অতি সোনকালে নিযুক্তি দিয়াৰ বাবে বেংক শাখাটোৰ বিষয়াগৰাকীৰ হাতত এখন আবেদন পত্ৰ প্ৰদান কৰে। ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাৰ নেতৃত্বতবহন কৰা আজিৰ এই কাৰ্যসূচীটোত বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা, সাধাৰণ সম্পাদক কিশোৰ ভৰালী,গাঁও প্ৰধান ভৱেশ তালুকদাৰসহ ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে।উল্লেখ‍্য‍ যে, উক্ত বেংক শাখাটোত দীৰ্ঘদিন ধৰি গ্ৰাহক ৰাইজে পাছবূক বহী নোপোৱা, বহী আপদেত নোহোৱা, গ্ৰাহকৰ মোবাইলত মেছেজ নোহোৱাকে ধৰি অন্যান্য বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে যদিও উৰ্ধতম কৰ্তৃপক্ষই মুঠেই গুৰুত্ব নিদিয়া বুলি ৰাজহুৱা অভিযোগ উঠিছে।

Your Comments