গুৱাহাটী ৰেল ষ্টেচনত প্ৰায় ডেৰ কোটি টকা জব্দ; তিনিজনক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী পল্টনবজাৰ ৰেলষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ধন।মঙলবাৰে ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১কোটি ৪৮ লাখ ৩০হাজাৰ ৬০০টকা।উল্লেখ্য যে বৃহৎ ধনৰাশিৰ সৰবৰাহত জড়িত ৩ জন সৰবৰাহকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ৰেল আৰক্ষীয়ে প্ৰকাশ কৰা মতে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা( ২৭ ), উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা (৫২) আৰু নতুন দিল্লীৰ পৱন কুমাৰৰ (২৫) পৰা জব্দ কৰে টকাখিনি।জব্দকৃত টকাখিনি অৰুণাচলৰ পৰা দিল্লীলৈ নিয়াৰ বাবে আনিছিল।
উল্লেখ্য যে পুৱা ৫:৩০ বজাত ষ্টেচনত অভিযান চলায় ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষীয়ে।তাতে জব্দ হয় টকাখিনি।
ইফালে সোমবাৰে টকাখিনি গুৱাহাটীলৈ আনিছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।নিশা পল্টনবজাৰৰ হোটেলত কটাইছিল গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী ৩জন।
আনহাতে পুৱা সৰবৰাহকাৰীকেইজনে তেজছ এক্সপ্ৰেছেৰে দিল্লীলৈ নিবলৈ লোৱা সময়তে জব্দ হয় টকাখিনি।

Your Comments