মহানগৰীৰ The sharon Unique স্পা পাৰ্লাৰত জিএমচিৰ অভিযান; অশ্লীল অৱস্থাত যুৱক-যুৱতীক উদ্ধাৰ

A

নিউজ ডেস্ক:

ভেলেণ্টাইন ডে'ৰ  বিশেষ দিনটোত গুৱাহাটী মহানগৰীৰ এবিচিত The Sharon Unique স্পা পাৰ্লাৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান।ব্যৱসায়িক অনুজ্ঞাপত্ৰ অবিহনে চলাই আছিল পাৰ্লাৰখন।পৌৰ নিগমৰ অভিযান কাৰ্যত পাৰ্লাৰত একাংশ যুৱক-যুৱতীক অশ্লীল অৱস্থাত হাতে লুটে ধৰা পেলায়।উল্লেখ্য যে ,লগতে উদ্ধাৰ হৈছে একাংশ আপত্তিজনক সামগ্ৰী।পাৰ্লাৰখনৰ কেবিনত অনৈতিক কাৰ্যকলাপত জড়িত থকা অৱস্থাত ধৰা পেলাই যুৱক- যুৱতীক।
আনহাতে অভিযান সন্দৰ্ভত পৌৰ নিগমৰ বিষয়াই কয়- পূৰ্বৰ পৰা অভিযোগ আছিল স্পা পাৰ্লাৰখনৰ বিৰুদ্ধে ।তাৰ ভিত্তিতেই চলোৱা হৈছিল অভিযান।অভিযানৰ সময়ত পাৰ্লাৰ কৰ্তৃপক্ষই ভিতৰত কেবিন নথকা বুলি উল্লেখ্কৰিছিল।কিন্তু অভিযান কাৰী দলে পৰীক্ষা কৰাত ধৰা পৰে কেবিন।অভিযানকাৰী বিষয়াই কয়- স্পা পাৰ্লাৰখনত দেখা নাই পুৰুষ কৰ্মচাৰী কিন্তু পুৰুষক মহিলাই মাছাজ কৰি পৌৰ নিগমৰ নিয়ম ভংগ কৰিছে।
ইফালে পাৰ্লাৰখনৰ স্বতাধিকাৰীয়ে কয়- চাৰি দিনমানৰ পূৰ্বেই চাফা কৰি পাৰ্লাৰখন আৰম্ভ কৰিছোঁ।নিজৰ মানুহৰ মাজতহে আৰম্ভ কৰা হৈছে।চিনাকি সকলক আজি ট্ৰায়েল কৰা হৈছে।

Your Comments

Related Articles