শিক্ষা সংসদৰে আছুৰ বৈঠক; বিহু বিষয় বাতিল নকৰাৰ আশ্বাস-আছুৰ

A

নিউজ ডেস্ক:

ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা বাতিলৰ প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰসংগত সোমবাৰে মাধ্যমিক শিক্ষা সংসদৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল।সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা আৰু সচিবৰে মিলিত হয় বৈঠকত।ঐচ্ছিক বিষয় হিচাপে একাদশ আৰু দ্বাদশ শ্ৰেণীত সংসদে ২০২০-২১ শিক্ষা বৰ্ষত অন্তৰ্ভুক্ত কৰা অসমীয়া জাতীয় স্বাভিমান 'বিহু' বিষয়টো কি কাৰণত পাঠ্যক্ৰমৰ পৰা বাতিল কৰাৰ বাবে চৰকাৰক আহ্বান জনাব লগা হৈছে তাৰ সবিশেষ আলোচনা কৰে।কোনো অসমীয়াই বিহু বিষয় বাতিলৰ যুক্তি দিয়াটোৱে অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক।জনতাৰ সৈতে আছে আছু।কোনো পৰিস্থিতিত বিহু আৰু স্বদেশ অধ্যয়ন বাতিল কৰিব নোৱাৰিব বুলি সংসদক শংকৰে স্পষ্ট কৰি দিয়ে।ইফালে বৈঠকত সংসদে আছু দলটোক অৱগত কৰি কয়- বিষয়টো অন্তৰ্ভুক্ত কৰাত পূৰ্বৰ সমিতি খনে পৰিকল্পিত ভাৱে আগবঢ়া নাছিল।যি নেকি আছুৰ নেতৃত্বয়ো অনুভৱ কৰা বুলি শংকৰে কয়।কিন্তু চিন্তা ভাল আছিল।পৰিকল্পনা সঠিক নথকাৰ বাবেই বিষয়টো সন্দৰ্ভত খেলিমেলি আৰম্ভ হৈছে।বৰ্তমানৰ ৰুক্ম গোহাঁই বৰুৱা আৰু পুলক পাটগিৰি কমিটিয়ে পূৰ্বৰ কমিটিৰ ভাল চিন্তাটোক পৰিকল্পিত ভাৱে প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা দাবী জনায়।
আনহাতে আছুৰ দাবীৰ প্ৰতি আশ্বাস প্রদান কৰি সংসদে কয়- স্বদেশ অধ্যয়ন বিষয়টো ভূগোল আৰু বুৰঞ্জীৰ বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব।বিহু বিষয়ত ব্যৱহাৰিক দিশটোত থকা অসুবিধা নাইকিয়া কৰাৰ বাবে শীঘ্ৰে বৈঠকত আলোচনা কৰা হ’ব।বিভিন্ন ব্যক্তিৰ পৰামৰ্শৰে ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশটো পৰিকল্পিতভাৱে আগবঢ়াই নিব।কোনো কাৰণত বিষয়টো বাতিল কৰা নহয়।চৰকাৰৰ সৈতে আলোচনাৰ অন্তত সকলো বিষয় ৰাজহুৱা হ’ব।ইফালে আশ্বাসৰ অন্তত সাধাৰণ সম্পাদক বৰুৱাই কয়- বৈঠকৰ প্ৰতিটো আশ্বাস আখৰে আখৰে কাৰ্যকৰী হ’ব লাগিব।অন্যথা গঢ়ি তোলা হ’ব আন্দোলন।
উল্লেখ্য যে ইতিমধ্যে বিহু বিষয়টোক বাতিল কৰা বাবে সংসদে চলিত বৰ্ষ জানুৱাৰীৰ শেষৰ ফালে এক প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল।সংসদে প্ৰেৰণ কৰা বিহু বিষয় বাতিল উক্ত প্ৰস্তাৱ পুনৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আৱেদন জনাব বুলি সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই কয়।বিহু বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰা বাবে পৰীক্ষক আৰু পৰিদৰ্শক নিয়োগ কৰাটোত সমস্যা হৈছে- অধ্যক্ষ বৰুৱাই কয়।
আনহাতে ভাৰত চৰকাৰৰ এক দেশ এক ভাষা সকলো ক্ষেত্ৰতে হব নোৱাৰে।বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা দেশ ভাৰতবৰ্ষ।ইয়াত এক দেশ এক ভাষা নীতিৰ হ’ব নোৱাৰে।বাৰে বাৰে অসমীয়া ভাষা ওপৰত আক্ৰমণ  সহ্য কৰা নহব।অসমীয়া ভাষা-সংস্কৃতি বিৰোধীৰ কাম- কাজ বন্ধ কৰক।অন্যথা অসমীয়া মানুহে হাত সাৱটি বহি নাথাকে।দিল্লীৰ শ্ৰুতলিপি অসমীয়াই নুশুনে বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে শংকৰে।
শিক্ষামন্ত্ৰীয়ে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱা বাবেই বিষয়টো বাতিলৰ প্ৰস্তাৱ লোৱা বুলি উল্লেখ কৰা প্ৰসংগত শংকৰে কয়-কাউঞ্চিলত ঐচ্ছিক বিষয় আছে ৫৪টা আছে।বহু বিষয়ত ছাত্ৰ-ছাত্ৰী নথকা পাছতো চলি আছে সেইসমূহ বিষয়।কথক ১জন, হিন্দুস্থানী ভকেলত ৮জন, তবলা বিষয়ত ২জন শিক্ষাৰ্থী থকা পাছতো চলি আছে।কিন্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এটা বছৰতে ৯৯৬জন  ছাত্ৰ-ছাত্ৰীয়ে বিহুত আৰু স্বদেশ অধ্যয়নত ১২হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লৈছে।তেনে ক্ষেত্ৰত বিষয়দুটা বাতিলৰ কিয় প্ৰস্তাৱ লোৱা হৈছে বুলিও শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰে।

Your Comments