
নিউজ ডেস্ক:
ডিজিটেলাইজ কৰা হ’ল ‘অসম সাহিত্য সভা’।সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল ডিজিটেল প্লেটফৰ্ম।এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব আপুৰুগীয়া গ্ৰন্থ, সাধুকথা আদি।https://assamsahityasabha.org ৱেবছাইট মুকলি কৰা হৈছে৷সাধুকথা উপলব্ধ হ’ব https://linktr.ee/talesfromassam আৰু গ্ৰন্থ কোষ উপলব্ধ হ’ব www.granthakosh.sahityasabha.amtron.in।উল্লেখ্য যে ,এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয় ৷ অনুষ্ঠানটিত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
- Log in to post comments
- 17 views