
নিউজ ডেস্ক:
অসমত বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ বৰ্তমানেও অব্যাহত আছে । উল্লেখ্য যে মালিগাঁৱৰ কামাখ্যা ৰেলৱে ষ্টেচনত উদ্ধাৰ ২৩৫ টাকৈ বিৰল প্ৰজাতিৰ কাছ ৷শনিবাৰে নিশা ৰেল সুৰক্ষা বাহিনীয়ে তালাচীৰ মাজতে যাত্ৰীবাহী ৰেলৰ পৰা উদ্ধাৰ কৰে জীৱিত কাছকেইটা ।আৰপিএফ কৰ্তৃপক্ষই জনোৱা মতে ১৯৩০৫ নম্বৰৰ উজনিমুৱা ইন্দোৰ-কামাখ্যা ৰেলখনত উদ্ধাৰ কৰা হয় কাছকেইটা । নিয়মীয়া তালাচীৰ সময়তে জোৱানসকলে গৰাকী বিহীন ১০ টা বেগ প্ৰত্যক্ষ কৰে । তাৰ পাছতে বেগবোৰ পৰীক্ষা কৰাত কাছকেইটা উদ্ধাৰ কৰে বুলি জানিব পৰা যায় ৷ইতিমধ্যে উদ্ধাৰকাৰী দলটোৱে কাছকেইটা বন বিভাগক হস্তান্তৰ কৰে ।উল্লেখ্য যে , বন্যপ্ৰাণী সুৰক্ষা আইনৰ আধাৰত এক গোচৰ ৰুজু কৰাৰ লগতে কাছকেইটাৰ চিকিৎসা আৰু সংৰক্ষণৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হৈছে ।
- Log in to post comments
- 16 views