সন্দিকৈ মহাবিদ্যালয় সন্মুখৰ পৰা চুৰি Royal Enfield মটৰ চাইকেল

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বাইক চুৰি।শুকুৰবাৰেও মহানগৰীত সংঘটিত হয় এক বাইক চুৰি ঘটনা।পানবজাৰস্থিত সন্দিকৈ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা চুৰে উঠাই লৈ যায় AS-01EY-3601 নম্বৰৰ Royal enfield metero-350 মটৰ চাইকেলখন।সন্দিকৈ মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা নয়নজ্যোতি বড়োৱে প্ৰায় তিনিমাহৰ পূৰ্বে ক্ৰয় কৰা মটৰ চাইকেলখনৰ ডিক্স লক ভাঙি চোৰে উঠাই লৈ যায়।ঘটনাৰ বিৱৰণ অনুসৰি অন্য দিনাৰ দৰে মহাবিদ্যালয়ৰ সন্মুখৰ পথতে পাৰ্কিং কৰি ৰাখিছিল মটৰ চাইকেলখন।ক্লাছৰ মাজতে এবাৰ বাইকখন চাইয়ো গৈছিল প্ৰৱক্তা গৰাকীয়ে।কিন্তু দ্বিতীয়বাৰ পুনৰ চাবলৈ আহি মটৰ চাইকেলখন দেখা নাপায় আৰু মটৰ চাইকেলখন ৰখাই থোৱা স্থানত ডিক্স লকৰ ভঙা অংশ প্ৰত্যক্ষ কৰে।আনহাতে মটৰ চাইকেলখন চুৰি হোৱা পাছতে পানবজাৰ আৰক্ষীৰ থানাত দাখিল কৰে এজাহাৰ।আৰক্ষীয়ে মটৰ চাইকেলখন উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

গুৰুত্বপূৰ্ণ কথা এই যে ,সন্দিকৈ মহাবিদ্যালয়ৰ সন্মুখৰ পাৰ্কিঙৰ পৰা দুদিন পূৰ্বেও দিন দুপৰতে এখন ৰয়েল এনফিল্ড মটৰ চাইকেল চুৰি হৈছিল।মহাবিদ্যালয়ৰ গেটৰ সন্মুখত চিচিটিভি ব্যৱস্থা নথকা বাবেও অনায়াসে চোৰে লৈ যাব পাৰে বাহন।

Your Comments

Related Articles