মেঘদূত ভৱনত চুৰিকাণ্ডত জড়িত দুটা চোৰক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

ৰাজ্যৰ ডাকসেৱাৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মেঘদূত ভৱনত সংঘটিত চুৰিকাণ্ডৰে জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ।মহানগৰ আৰক্ষীৰ গড়চুক থানাই গ্ৰেপ্তাৰ কৰিছে শুৱালকুচি আৰু খানাপাৰাৰ পৰা  চোৰ দুটাক।উল্লেখ্য যে ধৃত চোৰ দুটা ক্ৰমে দিলীপ শইকীয়া আৰু হবিব আলি।

গুৰুত্বপূৰ্ণ কথা এই যে ,আৰক্ষীয়ে গিজগিজাই থকাৰ লগতে নিৰ্দিষ্ট নিৰাপত্তাৰক্ষীয়ে ২৪ঘণ্টা পহৰা দিয়া ডাক সেৱাৰ প্ৰধান কাৰ্যালয়টোত কেনেদৰে প্ৰৱেশ কৰিব পাৰিছিল চোৰ সেইয়া ৰহস্যৰ আৱৰ্তত।আনহাতে চোৰে পঞ্চম মহলালৈ অভিযান চলাই প্ৰায় ৩লাখ টকাৰ ধন চুৰি কৰা বুলি কৰ্তৃপক্ষই অৱগত কৰিছিল।

Your Comments