
নিউজ ডেস্ক:
"ৰাজ্যৰ বিদ্ৰোহী সংগঠন বিশেষকৈ আলফা(স্বা) এই বর্ষতে চৰকাৰৰ আলোচনালৈ আহিব।১০ জুলাইৰ পাছত আলোচনাত বহিব পাৰে "- এই ভৱিষ্যতবাণী কালপুৰুষ পুৰ্ণাংগ পঞ্জিকাৰ।অসমৰ ভাগ্য বৃহস্পতি হোৱা হেতুকে ভাল দিন আহিব ৰাজ্যখনত।গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে পঞ্জিকাৰ উন্মোচন কৰি পূৰ্ণাংগ পঞ্জিকাখনৰ সম্পাদক ভবেশ শৰ্মা বৰুৱা, গাননিক দীপক শৰ্মা আৰু প্ৰকাশক ৰঞ্জিত শইকীয়াই চলিত বৰ্ষৰ ৰাজ্যখনৰ ভৱিষ্যত ব্যাখ্যা কৰে।
উল্লেখ্য যে বিশ্বত কোভিডৰ সন্ত্ৰাস চলি থাকিব কিন্তু ঠাই অনুসৰি ইয়াৰ সলনি হৈ থাকিব৷চলিত বৰ্ষৰ মঙ্গলগ্ৰহ ৰজা হোৱা বাবে ৰোগে ভয়াবহ ৰূপ ল’ব।বৃদ্ধি পাব হত্যা, লুণ্ঠন আৰু এনকাউণ্টাৰ।অৱশ্যে অসমৰ ভাগ্য বৃহস্পতি হোৱা বাবে কোভিড ইমান ভয়াৱহ নহ’ব।কিছু কিছু দেশত কোভিড পুনৰ ভয়াৱহ হ’ব বুলিও তেওঁলোকে কয়।
আনহাতে,চলিত বৰষুণৰ পৰিমাণ বৃদ্ধি হ’ব। কৃষকৰ খেতি ভাল হ’ব।
গুৰুত্বপূৰ্ণ কথা এই যে ,সীমান্তত গোষ্ঠী সংঘৰ্ষ বৃদ্ধি পাব।ঠিক একেদৰে উত্তৰ-প্ৰদেশ, মণিপুৰৰ নিৰ্বাচনত বিজেপিৰ জয়ৰ বাবে কষ্টকৰ হ’ব।বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ২৪ লৈকে থাকিব।
আনহাতে অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে দক্ষতাৰে কাম কৰিব।বিৰোধী প্ৰায় নিষ্ক্ৰিয় হ’ব।কংগ্রেছৰ সভাপতি ভূপেন বৰা একেদৰে থাকিব, আগলৈ নাযায়।চৰকাৰে আমদানি- ৰপ্তানিৰ জৰিয়তে আৰ্থিক দিশ উন্নত কৰিব ৷এপ্ৰিলৰ পাছৰ পৰা দেখা পাব এই পৰিৱৰ্তন।
একেদৰে দেশৰ ৰাজনীতি কিছু থৰক বৰক হলেও অৰ্থনৈতিক দিশত উন্নয়ন হ’ব।দেশত যুদ্ধৰ পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁলোকে কয় ৷
- Log in to post comments
- 19 views