অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত সামাজিক মাধ্যমত ভাইৰেল; প্ৰাৰ্থীৰ ক্ষোভ

A

নিউজ ডেস্ক:

অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইটা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হৈ থকা পৰীক্ষাৰ প্ৰশ্ন কাকত সামাজিক মাধ্যমত ভাইৰেল।চি.বি.টি(Computer Based Test) মাধ্যমৰ জৰিয়তে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰাত প্ৰাৰ্থীসকলৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া।উল্লেখ্য যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ নিৰ্দিষ্ট কেইটামান কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্নসমূহ পৰীক্ষাৰ্থীৰ অভিযোগ অনুসৰি লাহোৱাল কলেজত থকা কেন্দ্ৰৰ পৰাই ভাইৰেল হোৱা বুলি উল্লেখ কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে ,পৰীক্ষাৰ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাযোগে প্ৰাৰ্থীসকলক তন্ন তন্নকৈ পৰীক্ষা কৰি ভিতৰত সোমাবলৈ দিয়া হয়।মেটেল ডিটেক্টৰ জৰিয়তে পৰীক্ষা কৰা  হয়  প্ৰতি গৰাকী প্ৰাৰ্থীক।তাৰ পিছত কিদৰে কেন্দ্ৰৰ ভিতৰত পৰা পেপাৰ ভাইৰেল হৈছে সেইয়া অতি ৰহস্য।

ইপিনে প্ৰশ্ন কাকতৰ একাংশ প্ৰশ্ন সামাজিক মাধ্যম ফেচবুকত বিয়পি পৰাৰ পাছতে প্ৰাৰ্থীসকল অস্বস্তিত পৰিছে।সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাৰ্থীসকলে প্ৰকাশ কৰিছে ক্ষোভ।

উল্লেখ্য যে ,অইল ইণ্ডিয়া লিমিটেডৰ প্ৰায় ৫ শতাধিক পদৰ বাবে চিবিটি পদ্ধতিৰে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা।টেকনিকেল আৰু নন-টেকনিকেল পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছে।

Your Comments