এদিনীয়াত দ্ৰুততম ৫০টা উইকেট দখল কৰা ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱ

এদিনীয়াত দ্ৰুততম ৫০টা উইকেট দখল কৰা ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱ

এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় স্পীনাৰ হিচাপে দ্ৰুততম ৫০টা উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে কুলদীপ যাদৱে ।

সম্প্ৰতি চলি থকা এছিয়া কাপত জীৱনৰ ২৪সংখ্যক মেচখন খেলি কুলদীপে ৫০টা উইকেট সম্পূৰ্ণ কৰে । মঙলবাৰে অনুষ্ঠিত খেলখন আছিল হংকঙৰ বিৰুদ্ধে । 

ইয়াৰ পূৰ্বে এই কৃতিত্বৰ অধিকাৰী আছিল অমিত মিশ্ৰ । টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰজনে ৩২সংখ্যক মেচখনত ৫০টা উইকেট সম্পূৰ্ণ কৰিছিল ।

লক্ষণীয়ভাৱে কুলদীপ যাদৱে শেহতীয়া ৪খন মেচত মুঠ ১১টা উইকেট দখল কৰে ।

Your Comments