২০১৮ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ    

dd

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ২০১৮ বৰ্ষৰ খচৰা ভোটাৰ তালিকা ১৫ ছেপ্টেম্বৰ, ২০১৮ ইং তাৰিখে প্ৰতিটো নিৰ্বাচনী জিলাত প্ৰকাশ কৰিছে। প্ৰতিটো ভোট গ্ৰহন কেন্দ্ৰৰ বিপৰীতে নিয়োজিত বুথ পৰ্যায়ৰ বিষয়া বি এল অ'-ৰ লগত যোগাযোগ কৰিলে সংশ্লিষ্ট ভোটাৰসকলে নিজৰ ভোটাৰ তালিকা চাব পাৰিব । সকলোকে নিজৰ নাম-ফটো, ঠিকনা সঠিকভাৱে প্ৰতিফলিত হৈছে নে নাই খচৰাৰ ভোটাৰ তালিকা চাই নিশ্চিত হ'বলৈ আহ্বান জনাইছে ।

যদি কোনো নাগৰিকৰ নামৰ বানান ভুলকৈ হৈছে বা উপাধি অহা নাই বা আহিলেও ভুলকৈ আহিছে অথবা পিতৃ বা স্বামীৰ নাম ভুলকৈ আহিছে অথবা বয়স সঠিকভাৱে অহা নাই তেন্তে বি এল অ'-ৰ পৰা ৮ নং ফৰ্ম (শুধৰনি ফৰ্ম) সংগ্ৰহ কৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জমা দি শুধৰাই ল'বলৈ আহ্বান জনালো । অন্যথাই ভৱিষ্যতে অনাকাংক্ষিত বিপদ তথা সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত ।

আনহাতে কোনোবাই যদি একে সমষ্টিৰ ইটো গাৱঁৰ পৰা সিটো গাৱঁৰ ভোটাৰ তালিকালৈ নিজৰ নাম সলনি কৰিব বিচাৰে তেন্তে ৮(ক) নং ফৰ্ম পূৰণ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা  কৰক । ইফালে কোনো লোকৰ যদি মৃত্যু হৈছে বা ভুল ক্ৰমে দুই ঠাইত নাম অন্তৰ্ভুক্ত হৈছে তেন্তে ৭ নং ফৰ্ম পূৰণ কৰি জমা কৰিলে কৰ্তৃপক্ষই তেনে নাম খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিব ।

২০১৯ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পূৰ্বে যিসকলৰ ১৮ বছৰ পূৰ্ণ হ'ব তেনে লোকে ৬ নং ফৰ্ম পূৰণ কৰি জমা কৰিলে সংশোধিত চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ যাব ।

 নতুন নাম অন্তৰ্ভুক্ত কৰা, ভুলৰ শুধৰণি কৰা, নাম কৰ্তন কৰা তথা দাবী আপত্তি জনোৱা, সংশোধিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা আদিৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী নিম্ন ধৰনৰ- 
(১) খচৰা ভোটাৰ তালিকা প্ৰকাশ : ১৫.০৯.২০১৮
 (২) দাবী, আপত্তি জনোৱা : ১৫-০৯-২০১৮ৰ পৰা ৩১-১০-২০১৮ ভিতৰত 
(৩) দাবী-আপত্তি  নিস্পত্তি : ৩০-১১-২০১৮ৰ ভিতৰত (
(৪) ২০১৮ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ : ০৪-০১-২০১৯

পুনৰ সকলোকে নিজৰ লগতে নিজৰ পৰিয়ালৰ আন সদস্যৰ নাম সঠিক-শুদ্ধভাবে খচৰা তালিকাত আহিছে নে নাই সেয়া চাই নিশ্চিত কৰিবলৈ অনুৰোধ জনালো ।

Your Comments