নিউজ ডেস্ক:
ৰাজ্যত সংঘটিত হৈ থকা বিভিন্ন ঘটনা পৰিঘটনাৰ মাজতেই মৰিগাওঁ জিলাত সংঘটিত হোৱা এক আজৱ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। এই আজৱ ঘটনাৰ খবৰ বিয়পি পৰা লগে লগে জনতাই ভিৰ কৰিছে ঘটনা স্থলীত। সাধাৰণ ঘটনাতকৈ পৃথক এই ঘটনাক লৈ মানুহৰ মাজত সৃষ্টি হৈছে বিভিন্ন প্ৰশ্নৰ। মৰিগাঁও জিলাৰ দীঘলবৰীৰ কিনাৰাম বৰদলৈ নামৰ ব্যক্তি জনৰ ঘৰত তেওঁৰ পোহনীয়া গাই গৰু জনীয়ে আজি পুৱা প্ৰায় ৬ মান বজাত জন্ম দিয়ে এটা ছয় ঠেঙীয়া গৰু পোৱালী। পিছ ভৰি দুখনৰ ওপৰৰ পিনে একে ধৰণৰ আন দুখন ভৰি গৰ্ভৰ পৰা সংযোগ হৈ আহে। প্ৰথম অৱস্থাত সদ্যজাত গৰু পোৱালীটো উঠিবলৈ অলপ অসুবিধা হয় যদিও কেইঘন্টা মানৰ পিছত সাধাৰণ গৰু পোৱালীৰ দৰে উঠিব পৰা হয়। ওপৰৰ ফাললৈ দুখনকৈ ভৰি সংযোগ হৈ থকা গৰু পোৱালীটোৱে বৰ্তমানে সাধাৰণ গৰু পোৱালীৰ দৰে খোজ দিবলৈ আৰম্ভ কৰিছে। সম্পুৰ্ণ সুস্থ হৈ থকা এই গৰু পোৱালীটো চাবলৈকে বিভিন্ন মানুহে বিভিন্ন স্থানৰ পৰা ভিৰ কৰিছেহি দীঘলবৰী গাঁৱৰ কিনাৰাম বৰদলৈৰ গৃহত। বৰদলৈ পৰিয়ালে আজৱ গৰু পোৱালীটোক ধূপ-ধূনা,গামোচা আদিৰে পূজা অৰ্চনা কৰাৰ লগতে ছয় ঠেঙীয়া গৰু পোৱালীটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ কৌতুহলৰ ।
- Log in to post comments
- 41 views