হাজোৰ দামপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

A

 

নিউজ ডেস্ক:
কামৰূপ  জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম দামপুৰৰ ন পাৰাত  সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই হত্যাকাণ্ডত মৃত্যু হোৱা লোক জন হ'ল পশ্চিম দামপুৰৰ ন পাৰাৰ মইনুল হক(৪৫) আৰু হত্যাকাৰী হ'ল বৰদামপুৰ আলীকাষৰ ইছলাম আলীৰ পুত্ৰ জানিউৰ ৰহমান ওৰফে নিংনা(২৪)। ঘটনা সন্দৰ্ভত,যোৱা ২৪ অক্টোবৰৰ নিশা প্ৰায় ন বজাত সাধাৰণ কথা এটাক কেন্দ্ৰ কৰি  মইনুল হকৰ লগত জানিউৰ ৰহমানৰ কথাৰ কটাকটি হয় যদিও পাছত জানিউৰে কোনো কথাৰ অৱতাৰণা নকৰাকৈ মইনুলৰ মূৰত হঠাৎ  প্ৰচণ্ড জোৰে আঘাত কৰে। লগে লগে মইনুল হক পকী পথৰ ওপৰত বাগৰি পৰে আৰু মূৰ ফালি তেজেৰে তুমুৰালি হয়। ইয়াৰ পিছতে একাংশ স্থানীয় প্ৰত্যক্ষ দৰ্শী লোকে ততালিকে তেওঁক শুৱালকুছি এফ আৰ ইউলৈ নিয়ে  যদিও অৱস্থা অতি গুৰুতৰভআ ৱে আঘাতপ্ৰাপ্ত হোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে । পৰিয়ালৰ লোকে অতি সংকট জনক অৱস্থাত মইনুল হকক উত্তৰ গুৱাহাটী জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰে। বিগত দুটা দিন মৃত্যুৰ সৈতে যুঁজ দি কালি নিশা তেওঁ অকাল মৃত্যুক সাৱটি লয়।ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো থানাত এজাহাৰ দাখিল কৰে যদিও  হত্যাকাৰী জানিউৰ ৰহমান সিদিনা নিশাই ঘৰৰ পৰা পলায়ণ কৰে। আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত সহস্ৰাধিক গুণমুগ্ধ লোকৰ উপস্থিতিত স্থানীয় কৱৰ স্থানত জানাজা সম্পন্ন কৰে।উল্লেখ্য যে,অতি অমায়িক, সহজ সৰল প্ৰয়াত মইনুল হক বিবাহিত যদিও তেওঁৰ পত্নীৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত মানুহৰ ঘৰে ঘৰে দিন হাজিৰা কৰি চলি আছিল।দামপুৰ অঞ্চলত সকলোৱে ভাল পোৱা মইনুল হকৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে।

 

Your Comments