নিউজ ডেস্ক:
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সানপাৰাত কালি নিশা অতৰ্কিতে অভিযান চলাই হাজো আঞ্চলিক বন বিভাগে দুজনকৈ কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বন বিভাগে আটক কৰা কুখ্যাত চোৰাং চিকাৰী দুজন হৈছে বাক্সা জিলাৰ কালিঝাৰৰ প্ৰীতম স্বৰ্গীয়াৰী (২২)আৰু একেখন জিলাৰে বৰমাৰ জাকৈ কোনাৰ আইজল আলী(২২)। জানিব পৰা মতে, হাজো সমষ্টিৰ বিভিন্ন ঠাইত বাক্সা জিলাৰ পৰা অহা কেইজনমান চোৰাং চিকাৰীয়ে বনৰীয়া পহু, গুইসাপ,নেউল,হাপা আৰু জহমাল ধৰি অহাৰ বাবে অত্যাধুনিক ফাণ্ড পাতি কেইবাটাও বনৰীয়া জন্তু বধ কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল। কালি নিশাও চোৰাং চিকাৰীৰ দলটিয়ে হাজো বন বিভাগৰ অন্তৰ্গত সানপাৰা পাহাৰত বনৰীয়া জন্তু নিধন কৰাৰ বাবে ফাণ্ড পতা খৱৰ গোপন সূত্ৰে জানিব পাৰি হাজো আঞ্চলিক বন বিষয়া সংগীতা ৰানী সিনহাই বনকৰ্মীৰ এটি দলৰ সৈতে নিশা প্ৰায় দহ বজাত সানপাৰা পাহাৰত উপস্থিত হৈ অভিযান চলায় । বনকৰ্মীৰ আগমনৰ উমান পায় চোৰাং চিকাৰীৰ দলটি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ লওতে দুজন চোৰাং চিকাৰীক কৰায়ত্ব কৰাৰ লগতে তেওঁ লোকে ব্যৱহাৰ কৰা এ এছ ১৫ জি ৩১০২ নম্বৰৰ স্কুটি সহ কেইবাখনো অত্যাধুনিক ফাণ্ড জব্ধ কৰে।
- Log in to post comments
- 55 views