নিউজ ডেস্ক:
নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে এগৰাকী বাইক আৰোহীক। ফলত
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱতী।
যুৱতী গৰাকীৰ নাম জিমি বুলি জানিব পৰা গৈছে।
নলবাৰীৰ পাগলাদিয়া ৰিজ’ৰ্টৰ পৰা ওভতাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
ৰিজ’ৰ্টখনত চলি থকা এটা ইউটিউব চেনেলৰ দৃশ্যগ্ৰহণ চাবলৈ আহিছিল যুৱতীগৰাকী। দৃশ্যগ্ৰহণৰ শেষত যুৱতীগৰাকীক বাইকেৰে এজন যুৱকে আগবঢ়াই থ’ব আহোতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। ইফালে আগবঢ়াই থ’ব অহা যুৱকজনে নাজানে যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয়।তাকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।
- Log in to post comments
- 19 views