শিপিনীসকলে প্ৰতিযোগিতামুখী বস্ত্ৰ উৎপাদনেৰে জাতীয় অৰ্থনীতি টনকিয়ালত ব্ৰতী হ’ব লাগিব : মুখ্য মন্ত্ৰী

শিপিনীসকলে প্ৰতিযোগিতামুখী বস্ত্ৰ উৎপাদনেৰে জাতীয় অৰ্থনীতি টনকিয়ালত ব্ৰতী হ’ব লাগিব : মুখ্য মন্ত্ৰী

‘শুৱালকুছি বুলি ক’লে জাতিৰ পিতা মহাত্মা গান্ধীলৈ মনত পৰে ৷ মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে ৷ শিপিনীসকল হ’ল আমাৰ দক্ষতাৰ পৰিচয় ৷ এক শক্তিশালী জাতীয় পৰিচয় নিৰ্মাণত শুৱালকুছিৰ শিপিনীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ হ’লে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব লাগিব ৷ আমাৰ শিপিনীসকলে নিজৰ কল্পনা বস্ত্ৰত অংকিত কৰি বিশ্বত সমাদৃত হৈছে ৷ সেয়েহ, শিপিনীসকলৰ বাবে সমগ্ৰ ৰাজ্যখনৰ বাবে বৰ্তমানৰ চৰকাৰে আঁচনি লৈছে ৷

শিপিনীসকলেও প্ৰতিযোগিতাৰ মানসিকতাৰে বস্ত্ৰ উৎপাদন কৰি জাতীয় অৰ্থনীতি অধিক টনকিয়াল কৰাৰ দিশত ব্ৰতী হ’ব লাগিব ৷’ আজি আৰ্টফেডৰ উদ্যোগত আৰু অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ সৌজন্যত শুৱাকুছি পাট সূতা ভঁড়াল আঁচনিৰ উদ্বোধন তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সৌজন্যত ফুটবল ষ্টেডিয়াম আৰু ইনড’ৰ ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে শুৱালকুছিৰ মাজতল বালিচৰাস্থিত ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চত আয়োজিত সভাত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় ৷

মুখ্য মন্ত্ৰীয়ে বিভিন্ন চৰকাৰী পদত ইতিমধ্যে প্ৰায় ৫০ হাজাৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে ৷ এই সমগ্ৰ পদক্ষেপৰ ফলশ্ৰুতিত এতিয়া দুখীয়া পৰিয়ালৰ সন্তানসকলৰ মাজতো আত্মবিশ্বাস গঢ়ি উঠিছে বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷ অসমৰ গ্ৰামাঞ্চলত বহু প্ৰতিভা লুকাই আছে বুলি উল্লেখ কৰি এই প্ৰতিভাখিনি বিকাশৰ বাবে চৰকাৰে গ্ৰাম্য ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷

শুৱালকুছিৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ বাবে আজি আধাৰশিলা স্থাপন কৰা বহুমুখী ক্ৰীড়া প্ৰকল্পই এই দিশত বিশেষ অৰিহণা যোগাব বুলি তেওঁ লগতে উল্লেখ কৰে ৷ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক এক প্ৰাপ্তিৰ দিন হিচাপে অভিহিত কৰে ৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত শিপিনীসকলক প্ৰত্যক্ষভাৱে বিশেষ সহায় কৰিব পৰা নাছিল বুলি আক্ষেপ কৰি আজি উদ্বোধন কৰা আঁচনিৰ জৰিয়তে গোট পদ্ধতিত তিনিখন পঞ্চায়তক সামৰি লোৱা হ’ব মন্ত্ৰীগৰাকীয়ে কয় ৷

এই আঁচনিখনৰ জৰিয়তে ৫খন তাঁতশালৰ বিপৰীতে ৪,০০০ টকাকৈ প্ৰতিমাহে লাভান্বিত হ’ব পাৰিব বুলি উল্লেখ কৰি প্ৰতিমাহৰ প্ৰথম সপ্তাহত ২০ শতাংশ ৰেহাই হাৰত শিপিনীসকলে সূতা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷ অনুষ্ঠানত ভাষণ দি হস্ততাঁত, বস্ত্ৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই শুৱালকুছিৰ শিপিনীসকলৰ অভাৱ পূৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি কোৱাৰ লগতে শুৱালকুছি পাট সূতা ভঁড়ালৰ জৰিয়তে ৩,২৪১ গৰাকী শিপিনীয়ে ২০ শতাংশ ৰেহাই হাৰত পাট সূতা প্ৰতিমাহে ১.৫ কেঃজিঃকৈ লাভ কৰিব বুলি কয় ৷

মন্ত্ৰীগৰাকীয়ে ফেশ্বন টেকন’লজিৰ জৰিয়তে বস্ত্ৰশিল্পৰ বিকাশৰ ব্যৱস্থা লোৱা হৈছে বুলি কোৱাৰ লগতে ৰাজ্যখনত দুখন হেণ্ডলুম মডেল ভিলেজ স্থাপন বাবে তিনি কোটি টকা ধাৰ্য কৰা হৈছে বুলি নিজৰ বক্তব্যত প্ৰকাশ কৰে ৷ 
অনুষ্ঠানত বক্তব্য ৰাখি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে শুৱালকুছি পাট সূতা ভঁড়ালৰ জৰিয়তে ইয়াৰ বয়ন শিল্পীসকলৰ লগতে নিকটৱৰ্তী এলেকাৰ শিপিনীসকলো উপকৃত হ’ব পাৰিব বুলি কয় ৷

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভগাৰ প্ৰধান সচিব তথা আৰ্টফেডৰ অধ্যক্ষ হেমন্ত নাৰ্জাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, হস্ততাঁত বস্ত্ৰ বিভাগৰ সচিব অঞ্জন শৰ্মা, ৰেচম বিভাগৰ সঞ্চালক মুক্তানাথ শইকীয়া, হস্ততাঁত বস্ত্ৰ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য, আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ 

Your Comments