জাঞ্জিৰা ফ’ৰ্ট : এসময়ৰ মৃত্যু উপত্যকা এতিয়া পৰ্য্যটনৰ অন্যতম আকৰ্ষণস্থলী

A

 

নিউজ ডেস্ক
আমি বাস কৰা এই পৃথিৱীখনত এনেকুৱা বহুতো ঠাই আছে যিবোৰক আমাৰ ধাৰণাই ঢুকি নাপায়। হয়, তেনে এক দ্বীপ থকাৰ উমান পোৱা গৈছে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ চহৰ মুৰুদত ৷আৰব সাগৰৰ মাজত অৱস্থিত জাঞ্জিৰা নামৰ অত্যন্ত সুন্দৰ এই দ্বীপটোৰ আছে বহুতো গোপন কলা অধ্যায় ৷দ্বীপটো অধিকাৰ কৰাৰ উদ্দেশ্যেই বিভিন্ন সময়ত বহু মানুহক চল-চক্ৰান্ত কৰি উক্ত দ্বীপটোতে হত্যা কৰা বহু ঘটনাৰ সাক্ষী এই দ্বীপটো। জানিব পৰা যায় যে আহমদনগৰৰ চুলতানৰ নৌসেনাৰ কৰ্মকৰ্তা আছিল ৰাজা ৰাম ৰাও পাটিল ৷ষোড়শ শতিকাত ৰাজা ৰাম ৰাওৱে সেই ঠাইৰ জনগোষ্ঠীৰ সুৰক্ষাৰ কথা ভাবিয়ে এই দ্বীপটো গঢ়ি তুলিছিল। যাতে জলদস্যুৰ হাতৰ পৰা এই দ্বীপটোৰ বাসিন্দা সকলক সুৰক্ষা দিব পাৰে। এই দ্বীপটো গঢ়ি তোলাৰ বাবে আহমদনগৰৰ চুলতানৰ অনুমতি ল’ব লগা হৈছিল ৷কিন্তু পিছলৈ চুলতানক অমান্য কৰি ৰাম ৰাওৱে নিজকে এই দ্বীপটোৰ ৰজা বুলি ঘোষণা কৰা কথাটি আহমদনগৰৰ চুলতানৰ একেবাৰেই পছন্দ নোহোৱাত সেনাপতি পিৰম খানক জাঞ্জিৰালৈ পঠিয়াই দিয়ে ৷কিন্তু দ্বীপটো অত্যন্ত ওখ হোৱাৰ বাবে সৈন্য সামন্তলৈ আক্ৰমণ কৰাত পিৰম খানৰ যথেষ্ট অসুবিধা হয় ।ইয়াৰ পিছতে পিৰম খানে চলনা কৰি ৰাম ৰাওৰ ওচৰত নিজকে এজন ক্লান্ত ব্যৱসায়ীৰ পৰিচয় দি জাঞ্জিৰাত এটা ৰাতি কটাব বিচাৰি অনুৰোধ কৰে ৷ আৰু এই অনুৰোধত ৰাজা ৰাম ৰাও মান্তিও হয় ৷পিৰম খানে ৰাতি মনোৰঞ্জনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু দ্বীপৰ বাসিন্দাসকলৰ বাবে নানা ধৰণৰ সুস্বাদু পানীয়ৰ ব্যৱস্থা কৰিছিল ৷এইবোৰ দেখি ৰাজা ৰাম ৰাও মুগ্ধ হৈ পৰিছিল ৷দ্বীপৰ সকলোৱে যেতিয়া আনন্দ উল্লাসত মত্ত হৈ আছিল ঠিক তেতিয়াই পিৰমে তেওঁলোকৰ খাদ্যত বিহ মিহলাই দিছিল ৷তাৰ পিছতেই লুকাই থকা সৈন্যবাহিনীয়ে দ্বীপটোত আক্ৰমণ চলাই জাঞ্জিৰা দখল কৰিছিল। 
সমুদ্ৰপৃষ্ঠৰ পৰা ৪০ ফুট উচ্চতাত অৱস্থিত এই দ্বীপটোৰ প্ৰাচীৰ ভেদ কৰি বিভিন্ন সময়ত পৰ্টুগীজ আৰু ব্ৰিটিছসকলে দখলৰ উদ্দেশ্যে আক্ৰমণ চলাই আহিছে যদিও বাৰে বাৰে বিফল হৈ উভতি যাব লগা হৈছে ৷

গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান এই দ্বীপটো পৰ্যটনৰ অন্যতম কেন্দ্ৰ ৰূপে পৰিচিত হৈছে ৷এই দ্বীপৰ বিশেষত্ব হৈছে তাত ৬০ ফুট গভীৰতাৰ দুটা সোৱাদযুক্ত হ্ৰদ আছে যাৰ বাবে তাৰ বাসিন্দাসকল কেতিয়াও পানীৰ সংকটত ভুগিব লগা নহয় ৷

B

Your Comments

Related Articles