খাৰঘুলিৰ বিলাসী ৰিভেৰা এপাৰ্টমেণ্টত ৰেভ পাৰ্টী: আৰক্ষীৰ অভিযান

A

নিউজ ডেস্ক :

গুৱাহাটী মহানগৰীৰ বিলাসী এপাৰ্টমেন্টত ৰেভ পাৰ্টী।জন্মদিন উদযাপনৰ নামত নিষিদ্ধ ড্ৰাগছৰ পয়োভৰ।খাৰঘুলি ৰিভেৰা এপাৰ্টমেন্টত সংঘটিত হৈছে এই ঘটনা।

খবৰ অনুসৰি লতাশিল আৰক্ষীয়ে অভিযান চলাই জন্মদিন পাৰ্টীৰ পৰা  আটক কৰিছে ১৮জনকৈ লোকক ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জন্মদিনৰ পাৰ্টীত আছিল ড্ৰাগছ সৰবৰাহকাৰী উপস্থিত।বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত লতাশিল থানাই এপাৰ্টমেন্টটোত অভিযান চলাই- বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমৃত পেগু, অমৃত বৰুৱা, হিৰেন্দ্ৰ সিনহা, অশোক বৰ্মন, ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, মহম্মদ ফাহাদ,ফাৰি আলি, ৰাকেশ বৰগোঁহাইসহ মুঠ ১৮জন পুৰুষ- মহিলাক আটক কৰিছিল।

ঘটনাৰ সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে প্ৰকাশ কৰা অনুসৰি- ক'ৰনাৰ বাধ্য-বাধকতা ভংগ কৰি আয়োজন কৰিছিল পাৰ্টী।শুকুৰবাৰে নিশা ১১.৩০ বজাত আৰক্ষীয়ে চলাইছিল অভিযান।অভিযানত ৪গ্রাম ক'কেইন আৰু গাঞ্জা জব্দ কৰা হৈছে।

আনহাতে, নিষিদ্ধ ড্ৰাগছৰ সৈতে ৰাজ্যৰ বাহিৰৰ সংযোগ পোৱা বুলিও আয়ুক্তই কয়।

Your Comments