বঙাইগাওঁ অভিযান্ত্ৰিক মহাবিদ্যালয়ক টেকনিকেল ন’লেজ হাব হিচাপে গঢ়িব ৰাজ্য চৰকাৰে : মুখ্য মন্ত্ৰী

cm

ৰাজ্যখনৰ কাৰিকৰী উচ্চ শিক্ষাৰ দিশত এক নতুন গতি প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁওৰ চহৰৰ সন্যাসী পাহাৰত বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপনৰ পিছতে বঙাইগাঁৱৰ জেল্কাঝাৰত আয়োজিত সভাত ভাষণ দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অপৰূপ প্ৰাকৃতিক দৃশ্যৰাজিৰে সুশোভিত সন্যাসী পাহাৰত আধাৰশিলা স্থাপন কৰা বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়খন কেৱল অসম তথা দেশৰ বুকুতে নহয়, সমগ্ৰ বিশ্বৰে এক উন্নত কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি কয় ৷

মুখ্য মন্ত্ৰীয়ে এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন স্থাপন হ’বলগীয়া সন্যাসী পাহাৰৰ নিকটৱৰ্তী ৫খন গাঁৱৰ জনসাধাৰণক ইয়াৰ নিৰ্মাণৰ কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ৷ তেওঁ এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ সকলো আন্তঃগাথঁনি উন্নত মানৰ হোৱাৰ লগতে ইয়াক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা ল’বলৈ শিক্ষা আৰু পৰ্যটন বিভাগক নিৰ্দেশ দিয় ৷

লগতে এই মহাবিদ্যালয়খনত স্থাপন হ’বলগীয়া অতিথিশালাটো তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে অত্যাধুনিক মান সম্পন্নভাৱে নিৰ্মাণৰ ব্যৱস্থা ল’বলৈও শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ৷ প্ৰয়োজন হ’লে ইয়াৰ বাবে আৰু অধিক পুঁজি ধাৰ্য কৰাৰ ব্যৱস্থা ল’বলৈও মুখ্য মন্ত্ৰীয়ে কয় ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত দেশে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ আধাৰত সম-বিকাশ আৰু সম-উন্নয়নৰ এক নব্য অভিজ্ঞতা লাভ কৰাৰ উপৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নে এতিয়া নতুন গতি লাভ কৰিছে বুলিও কয়৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি-যোগাযোগ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ  কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই বছৰৰ ভিতৰত ৰাজ্যখনৰ ৭ হাজাৰ কিঃমিঃৰ পথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে বুলিও উল্লেখ কৰে ৷

ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা ১৮ কিঃমিঃৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ধুবুৰী-ফুলবাৰী দলংখনে অবিভক্ত গোৱালপাৰা জিলাৰ ৫খন জিলা ক্ৰমে গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাঙৰ পথ যোগাযোগ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷ বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ বঙাইগাঁৱত স্থাপন কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে ইতিবাচক দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰি পদক্ষেপ লোৱা হ’ব বুলিও কয় ৷

বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়খন বিশ্ববীৰ চিলাৰায়ৰ নামেৰে নামাকৰণ কৰাৰ বাবে স্থানীয় জনসাধাৰণে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই নামাকৰণ জনসাধাৰণে বিচৰা ধৰণেৰে কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে কয় ৷ মুখ্য মন্ত্ৰীয়ে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়খনক এক উন্নত টেকনিকেল ন’লেজ হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ ল’ব বুলিও কয় ৷

শান্তি অবিহনে প্ৰগতি অসম্ভৱ বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনৰ থলী বঙাইগাঁও জিলাৰ জনসাধাৰণক শান্তি-সম্প্ৰীতিৰ পৰিৱেশ অটুট ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নী পদক্ষেপসমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবেও আহ্বান জনায় ৷

অনুষ্ঠানত বক্তব্য ৰাখি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইবাৰৰ বাজেটত প্ৰতিশ্ৰুতি দিয়া ধৰণেৰে কেৱল মাত্ৰ পাঁচ মাহৰ ভিতৰতে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাজেট প্ৰতিশ্ৰুতি অনুসৰি আজি ইয়াক কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা লৈছে বুলি কয় ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু পৰ্যটন, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্ম ৷

উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব মুনিন্দ্ৰ সিঙে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰয়, জিলা উপায়ুক্ত বাবুলাল শৰ্মাকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Your Comments