ঘগ্ৰাপাৰত জল জীৱন মিছনৰ আঁচনিত অনিয়মৰ অভিযোগ

Pic

*শীঘ্ৰে তদন্তৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৯ জুলাইঃ

নলবাৰী জিলাৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন উচ্চ-প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ত জল জীৱন মিছনৰ অধীনত চলন্ত জল পৰিবাহী আঁচনি নিৰ্মাণ-কাৰ্যত একাংশ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব‍্যৱহাৰ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচিছে বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ উখাপন কৰিছে।শেহতীয়াভাৱে নলবাৰী জিলাৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ একাংশ ঠিকাদাৰে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ অধীনষ্ঠ অধিকাংশ শিক্ষানুষ্ঠাখনত একোটাকৈ বিজ্ঞানসন্মাত চলন্ত জল পৰিবাহী আঁচনিৰ দ্বাৰা বিদ‍্যুৎ সংযোগ থকা ফিল্টাৰ স্থাপন কৰিছে যদিও আঁচনিখনত ঠিকাদাৰে অসংখ্য অনিয়ম কৰাৰ অভিযোগ তুলিছে যুৱ-ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ইন্টাজ হুছেইন,সভাপতি আনোৱাৰ হুছেইন,সাধাৰণ সম্পাদক নৱজ‍্যোতি কলিতাই।শেহতীয়াকৈ শিক্ষা খণ্ডটোৰ অন্তৰ্গত যিসমূহ শিক্ষানুষ্ঠাখনত ইতিমধ্যে এই আঁচনি স্থাপন কৰিছে, তাৰে ভালেসংখ্যকত প্ৰাককলন নিৰ্মাণ-কাৰ্য নকৰাৰ লগতে নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব‍্যৱহাৰ কৰাৰো অভিযোগ উঠিছে।ইফালে, উক্ত আঁচনিৰ নিৰ্মাণ কাৰ্য নলবাৰী জিলাৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগ বিষয়া-কনিষ্ঠ অভিযন্তাই পৰিদৰ্শন কৰিব লাগে যদিও তেওঁলোকে কোনো দিনে চোৱা-চিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে।আনকি বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি শিক্ষানুষ্ঠানসমূহত স্থাপন কৰা এই আঁচনিসমূহৰ প্ৰতিটো কামৰ বাবদ ধাৰ্য কৰা প্ৰায় ১ লাখ ৭০ হাজাৰ টকা নিম্নমানৰ কাম কৰি আত্মসাৎ কৰাৰ বাবে উঠি পৰি লাগিছে বুলি যুৱ-ছাত্ৰ পৰিষদে অভিযোগ তুলিছে ।ইফালে নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱতো জল জীৱন মিছন আঁচনিৰ অধীনত প্ৰতিটো আঁচনিৰ বিপৰীতে প্ৰায় ডেৰ কোটি টকীয়া পানী যোগান প্ৰকল্প মেৰামতিৰ কামসমূহতো ঠিকাদাৰে ব‍্যাপক অনিয়ম-লেহেমীয়া কৰাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে শীঘ্ৰে উচিত তদন্ত কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।

Your Comments