জাপি আৰু কাঁঁহ-পিতলৰ শিল্পীক সাহায্য প্ৰদান নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ                   

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৮ জুলাই:            

ক'ভিডকালীন সময়ত সাধাৰণ জনতা বিপৰ্যস্ত হৈ পৰিছে৷ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে জাপি আৰু কাঁহ-পিতল শিল্পৰ লগত জড়িত ব্যক্তিসকলো৷ নলবাৰীক বিশ্বৰ মানচিত্ৰত জিলিকাই তোলা এই জাপি শিল্প বৰ্তমান সংকটৰ গৰাহত৷ লগতে, সংকটত পৰিছে কাঁহ-পিতলৰ সামগ্ৰী নিৰ্মাতাসকলো৷ সম্প্ৰতি এইসকল চহা শিল্পীৰ কাষত থিয় দিছে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা৷সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ অৰ্ন্তগত নলবাৰী আঞ্চলিক ছাত্র সন্থাই আজি প্ৰায় ৭০ ঘৰ জাপি,কাঁহ-পিতল আৰু ৰাচ শিল্পৰ লগত জড়িত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।অনাগত সময়ত আৰু জাপি শিল্পৰ লগত জড়িত আৰ্থিকভাৱে জুৰুলা শিল্পীক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত প্ৰকাশ কৰে।সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা সাহায্য প্ৰদান অনুস্থানত উপস্থিত থাকি নিজ বক্তব্যত অসম চৰকাৰক এইসকল শিল্পীৰ প্ৰতি সুদৃষ্টি ৰাখিবলৈ আৰু তেওঁলোকৰ জীৱন পৰিক্ৰমাক জীয়াই ৰখাৰ উপৰি থলুৱা শিল্পবোৰ জীয়াই ৰখাতো সহায়-সহযোগ কৰিবলৈ আহ্বান জনাই দাবী উত্থাপন কৰে।অসম চৰকাৰৰ উদ্যোগ তথা বাণিজ্য মন্ত্ৰীৰ নলবাৰী গৃহ জিলা হোৱা সত্ত্বেও এতিয়ালৈ জাপি শিল্পক বিশ্ব দৰবাৰলৈ আগুৱাই নিবলৈ কোনো ধৰণৰ আঁচনি গ্রহণ নকৰাত দুৰ্ভাগ্যজনক আখ্যা দিয়ে আৰু অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে দাবী জনায়।

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনে আঁঁত ধৰা সাহায্য প্ৰদান অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা হৰিহৰ শৰ্মা, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নৱ কুমাৰ ডেকা আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া ক্ৰমে বিশাল বিক্ৰম চৌধুৰী, ভৱেশ ডেকা, দেৱজিৎ হালৈ, চাণক্য দাস, ধীমান শৰ্মা, ৰেৱজিত বেজবৰুৱা, বিশ্বজ্যোতি ভৰালী, বিনোদ মালাকৰ মুগকুছি শাখা ছাত্ৰ সন্থাৰ সভাপতি আইনুল হক,উপ-সভাপতি নৱজ্যোতি দাস  সধাৰণ সম্পাদক মৃগেন বেজবৰুৱা,সহ -সাধাৰণ সম্পাদক পৰাগ বেজবৰুৱাকে আদি  বিষয়ববীয়াসকল উপস্থিত থাকে।

Your Comments